Saturday, June 20, 2020
Comment
👉চিৰাঙত পুনৰ ৭ জনৰ দেহত কোভিড- ১৯
👉২৬ জনলৈ বৃদ্ধি ৰোগীৰ সংখ্যা
👉১১ গৰাকী ৰোগীৰ আৰোগ্য লাভ
বঙাইগাঁওঃ ১৮ জুনঃ
🔯চিৰাং জিলাত আজি পুনৰাই সাত গৰাকী লোকৰ দেহত কোভিড -১৯ ৰোগৰ অৱস্থিতি ধৰা পৰিছে ৷ জিলাখনৰ স্বাস্থ্য সেৱা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি জিলাখনত সাত জন ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰাৰ পাছত বৰ্তমানলৈকে জিলাখনত কোৰ'না ৰোগীৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰে ১১ জন ৰোগীয়ে চিকিৎসালয়ৰ পৰা আৰোগ্য লাভ কৰাত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় ৷ জিলাখনত আজি নতুনকৈ কোভিড ১৯ ৰোগত আক্ৰান্ত সাতজনৰ ছজন কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল ৷ আক্ৰান্ত ৰোগীসকল দৈমালু দৈমাৰী(২০), মিথিংগা বসুমতাৰী (২০), উদয় মুছাহাৰী(২২), বীৰদাও ৱাৰী(১৯), মনেশ্বৰ নাৰ্জাৰী (২০) আৰু দাওহাৰলে দৈমাৰী(২১) ৷ এওঁলোকৰ ঘৰ ৰুণীখাটা থানা এলেকাত ৷ আনহাতে বিজনী চহৰৰ আম্বেদকাৰ হলত কোৱাৰেণ্টাইনত থকা মিজিং বসুমতাৰী(২৪) ৰ ঘৰ বল্লামগুৰি উপ আৰক্ষী থানা এলেকাত ৷ উল্লেখিত কোভিড- ১৯ পজিটিভ ধৰা পৰা যুৱ ৰোগী সকল চেন্নাইৰ পৰা আহিছিল ৷ আজি তেওঁলোকৰ নমুনা পৰীক্ষাৰ ফলাফলত দেহত কোভিড -১৯ পজিটিভ ধৰা পৰাৰ পাছত চিৰাঙৰ স্বাস্থ্য বিভাগে চিকিৎসাৰ বাবে কাজলগাঁও জে এছ বি চিকিৎসালয়ত ভৰ্তি কৰে ৷🔯

0 Response to " "
Post a Comment