Saturday, June 13, 2020
Comment
👉চিৰাঙত পুনৰ এজন ক'ভিড ১৯ ৰোগত আক্ৰান্ত
👉মহাৰাষ্ট্ৰ ফেৰৎ মাদ্ৰাছাত অধ্যয়ন কৰিব যোৱা ছাত্ৰৰ দেহত ক'ভিড ১৯
👉চিৰাঙত ১৪ জনলৈ বৃদ্ধি ৰোগীৰ সংখ্যা
বঙাইগাঁওঃ ১২ জুন :
🔯চিৰাং জিলাত আজি নতুনকৈ এজন ১৫ বছৰীয়া ছাত্ৰ ক'ভিড ১৯ ৰোগত আক্ৰান্ত হোৱা বুলি জিলা স্বাস্থ্য সেৱা বিভাগৰ পৰা জানিবলৈ দিছে ৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ বল্লামগুৰী স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ কুকলং এলেকাৰ দংশিয়াপাৰা গাঁৱৰ নাছিৰ হুছেইন নামৰ ১৫ বছৰীয়া ছাত্ৰ জন মাদ্ৰাছাত মহাৰাষ্ট্ৰত অধ্যয়ন কৰিব গৈছিল ৷ ৰে'ল যোগে অহা ছাত্ৰ জন সমনীয়াৰ লগত পোনে পোনে বৰপেটা জিলা লৈ যোৱাৰ পাছত চেঙা চি এইছ চি ৰ অধীনৰ চিকিৎসকৰ দলে নমুনা সংগ্ৰহ কৰে ৷ প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত থকাৰ পাছত কালি দংশিয়াপাৰাৰ ঘৰলৈ উভতি অহাৰ পাছতে আজি ছাত্ৰ জনৰ দেহত ক'ভিড ১৯ পজিটিভ পোৱাত চিৰাং স্বাস্থ্য বিভাগৰ পৰা ছাত্ৰজনক কাজলগাঁও জে এছ বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ জিলা খনত এতিয়ালৈকে ১৪ জনলৈ বৃদ্ধি পালে কোৰ'না ৰোগীৰ সংখ্যা ৷ উল্লেখ্য যে জিলাখনত বৰ্তমানলৈকে ১,৫৫৩ জন লোক বহিঃৰাজ্যৰ পৰা আহি হোম কোৱাৰেন্টাইনত আছে ৷ মুঠ ৪,৪৫১ জন লোকৰ ভিতৰত ২৮৯৮ জন লোকে ১৪ দিনীয়া নিৰীক্ষণৰ সময় অতিবাহিত কৰিছে ৷
0 Response to " "
Post a Comment