বাণিজ্য শাখাত সপ্তম স্থান প্ৰাপ্ত অৰিজিৎ সাহাৰো মন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ
Tuesday, June 30, 2020
Comment
👉বাণিজ্য শাখাত সপ্তম স্থান প্ৰাপ্ত অৰিজিৎ সাহাৰো মন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ
বঙাইগাঁওঃ ২৫ জুনঃ
🔯বৃহস্পতিবাৰে ঘোষিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত সপ্তম স্থান দখল কৰা বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ অৰিজিৎ সাহাৰো ভৱিষ্যতে এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ মন ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ মহাত্মা গান্ধী পথৰ কাপোৰৰ ব্যৱসায়ী বিশ্বনাথ সাহা আৰু দীপ্তি সাহাৰ পুত্র অৰিজিৎ সাহাই ৰাজ্যখনৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰি বঙাইগাঁও চহৰৰ লগতে সমগ্র জিলালৈ সুনাম কঢ়িয়াই আনিছে। অৰিজিতে ইংৰাজী (৮৬), অলটাৰনেটিভ ইংৰাজী (৯২), অৰ্থনীতি (৮৯), বিজনেচ ষ্টাডি (৯৭), একাউণ্টেন্সি (৮৯) আৰু চেলমেনশ্বিপ এণ্ড এডভাৰ্টাইজমেন্ট (৯০) বিষয়ত লেটাৰ নম্বৰ অৰ্জন কৰি (সৰ্বমুঠ ৪৬৪ নম্বৰ) শতকৰা ৯০.৮ শতাংশ নম্বৰেৰে সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বঙাইগাঁও মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক (বাণিজ্য শাখাত)ত নাম ভৰ্তি কৰিয়ে নিয়মিত ৫-৬ ঘন্টা কৈ অধ্যায়ন কৰা অৰিজিতৰ সফলতাৰ আঁৰত পিতৃ-মাতৃৰ লগতে অধ্যায়ন কৰা বঙাইগাঁও কলেজৰ শিক্ষক-শিক্ষয়ত্ৰী, ঘৰুৱা শিক্ষক আৰু বন্ধু-বান্ধৱী সকলৰ অৱদান আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নিজৰ ফলাফলত সন্তুষ্ট অৰিজিতে বঙাইগাঁও মহাবিদ্যালয়তে একাউন্টেন্সি বিষয়ক গুৰু বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী সম্পন্ন কৰি অদূৰ ভৱিষ্যতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ আশা মনত পুহি ৰাখিছে ৷ উল্লেখ্য যে তিনিগৰাকীকৈ কৃতীমানে বঙাইগাঁও জিলাখনক উজ্বলাই তোলাত উৎফুল্লিত হৈ পৰিছে জিলাবাসী তথা বৌদ্ধিক সমাজ ৷🔯
0 Response to "বাণিজ্য শাখাত সপ্তম স্থান প্ৰাপ্ত অৰিজিৎ সাহাৰো মন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ "
Post a Comment