-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁৱত বিজেপিৰ' জনসম্পৰ্ক অভিযান'ৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে 

👉বঙাইগাঁৱত অগপ- বিজেপি মিলি কাম কৰি আছে 



              বঙাইগাঁওঃ ১৬ জুনঃ

🔯আজিৰে পৰা আৰম্ভ হৈছে বিজেপিৰ জনসম্পৰ্ক অভিযান ৷ বঙাইগাঁও জিলাত দলৰ নেতা তথা ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰে ৷ মন্ত্ৰী পাটোৱাৰীয়ে আবেলিৰ ভাগত বঙাইগাঁৱত উপস্থিত হোৱাৰ পিচত কমতাৰত্ন প্ৰয়াত অম্বিকা চৰণ চৌধুৰীৰ বৰপাৰাস্থিত গৃহত উপস্থিত হয় হৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি এই অভিযানৰ শুভাৰম্ভ কৰে ৷ মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোৰ মুৰব্বী তথা প্ৰয়াত অম্বিকা চৰণ চৌধুৰীৰ সহধৰ্মিণী কুলদা চৌধুৰীক গামোচাৰে সম্বৰ্ধনা জনাই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বিগত কাৰ্যকালত ৰূপায়ণ কৰা বিভিন্ন কাম- কাজৰ ক্ষতিয়ান সম্বলিত পত্ৰ তথা 'আস্থা আৰু বিশ্বাসৰ অনন্য যাত্ৰা 'শীৰ্ষক অসম চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশিত পুষ্টিকা প্ৰদান কৰে ৷ মন্ত্ৰীগৰাকীয়ে প্ৰয়াত চৌধুৰীৰ দুই পুত্ৰ ক্ৰমে ডাঃ বিদ্যুৎ বিকাশ চৌধুৰী , প্ৰদ্যুৎ বিকাশ চৌধুৰী, অধ্যাপিকা কন্যা ডঃ ৰূপাঞ্জলী দেৱীকে ধৰি পৰিয়ালটোৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে ৷ আনহাতে মন্ত্ৰীগৰাকী তেওঁলোকৰ গৃহত উপস্থিত হোৱাৰ সময়ত গামোচাৰে আদৰণি জনায় ৷ মন্ত্ৰীগৰাকীৰ সৈতে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী, সাধাৰণ সম্পাদক বিনোদ শৰ্মা আদিকে ধৰি বিজেপি দলৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল ৷ ইয়াৰ পিচতে মন্ত্ৰীগৰাকী অধিবক্তা বিজয় চৌধুৰীৰ গৃহত উপস্থিত হৈ তেওঁৰ সৈতে মত বিনিময় কৰে ৷ সেইদৰে পুৰণি বঙাইগাঁও ঝাকুৱাপাৰা, ভাটিপাৰা, উত্তৰ বঙাইগাঁও আদি অঞ্চলৰ ব্যক্তিৰ গৃহতো জনসম্পৰ্ক অভিযানৰ কাৰ্যসূচীৰ অংশ হিচাপে উপস্থিত হৈ মত বিনিময় কৰে ৷ 
ইপিনে এই কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিৰ এই জনসম্পৰ্ক  অভিযান গোটেই ভাৰত বৰ্ষতে আজিৰে পৰা আৰম্ভ হৈছে  ৷ আৰু আজিৰ দিনটোত গোটেই বিশ্বজুৰি কোৰোনা ভাইৰাছকলৈ মানুৰ মনত যি শংকা , ভয় হৈছে এই ভাইৰাছ সম্পৰ্কতো এই জনসম্পৰ্ক অভিযানৰ জৰিয়তে এটা প্ৰচাৰ হ'ব ৷ ৰাইজক কোৰোনা ভাইৰাছ সম্পৰ্কত সজাগ কৰাৰ বাবে এই অভিযান আৰম্ভ  হৈছে আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যখনত চলি থকা চৰকাৰখনৰ চাৰি বছৰ পূৰ্ণ হোৱা উদ্দেশ্যে আমি আচলতে এই জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছো ৷ এই অভিযানৰ জৰিয়তে ৫০ লাখ মানুহক লগ পোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছে ৷ আমি ৰাইজক বিভিন্ন দিশ বিলাক যেনেকৈ কোৰোনা ভাইৰাছ সম্পৰ্কত সজাগতা , চৰকাৰখনে এই চাৰিবছৰীয়া কাৰ্যকালত ৰাইজৰ আশামতে কিমানখিনি কাম আমি কৰিলো , ৰাইজে চৰকাৰখনৰ পৰা আৰু কিবা আশা কৰিছে নেকি আদি কথাবোৰেই আমি জনসম্পৰ্ক অভিযানৰ মাধ্যমেৰে ৰাইজৰ লগত মত বিনিময় কৰিছো বুলি কয় ৷ 
আনহাতে অসম গণ পৰিষদৰ দূৰ্গ বুলি পৰিচিত বঙাইগাঁৱত জনসম্পৰ্ক অভিযানৰ জৰিয়তে বিজেপিয়ে কিমানদূৰ আগবাঢ়িব পাৰিব বুলি ভাবে বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী তথা বিজেপি নেতাগৰাকীয়ে কয় যে আজিৰ দিনটোত আমি এখন মিত্ৰ জোটৰ চৰকাৰ চলাই আছো ৷ গতিকে আমি যি কাৰ্যসূচীয়ে লৈছো সেয়া লাগিলে জনসম্পৰ্কৰক্ষী অভিযানেই হওক , উন্নয়মূলক আঁচনিয়েই হওক  বা আজি কোৰোনা ভাইৰাছৰ ক্ষেত্ৰতে হওক, সকলো সমূহীয়াভাৱে কৰি আছো ৷ আজি ইয়াতে অসম গণ পৰিষদৰ বিধায়ক বা মন্ত্ৰী আছে ৷ কিন্তু থাকিলেও আমাৰ এই কামবোৰ যৌথ কাম ৷ বঙাইগাঁৱত অসম গণ পৰিষদৰ বিধায়ক আছে আৰু বিজেপিয়েও ইয়াত অগপ দলৰ লগত মিলিয়ে কাম কৰি আছে ৷ নিৰ্বাচনৰ দিনৰ পৰা আজিৰ দিনটোলৈকে বিজেপিয়ে অসম গণ পৰিষদৰ লগত মিলিজুলিয়ে কাম কৰি আছে ৷ গতিকে মই ভাৱো যে এইটো এটা আমাৰ সমূহীয়া দায়িত্ব ৷ ৰাইজক এই সময়ত কোৰোনা ভাইৰাছ সম্পৰ্কত অৱগত কৰাটো বা কেন্দ্ৰীয়  চৰকাৰ আৰু ৰাজ্য চৰকাৰে কি কি কাম কৰিলে ,এই কামত ৰাইজ সন্তুষ্ট হৈছে নে নাই ,ৰাইজে ইয়াৰ উপৰিও আৰু কিবা বিচাৰিছে নেকি বা লাগে নেকি আদি এই গোটেই কথাখিনিৰ কাৰণে আচলতে জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছো ৷ এই অভিযানৰ আজি ( মঙলবাৰ) আৰম্ভণি হ'ল আৰু অহা ৩০ জুনলৈ দলৰ কৰ্ম কৰ্তাসকলে এই কাৰ্যসূচী চলাই যাব ৷ 

সেইদৰে সাংবাদিকে এই অভিযানক ৰাইজে আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ অভিযান বুলিহে ভাৱে বুলি মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে ৰাইজে নিশ্চয় ভাৱিব ৷ কাৰণ আমি যিহেতু ৰাইজৰ ঘৰে ঘৰে আহিছো গতিকে ৰাইজে তেনেকৈ ভাৱিবই ৷ ৰাইজৰ মনত চিন্তা আহিছে আৰু সেই চিন্তাটো অমূলক নহয় ৷ কিন্তু আচলতে এই জনসম্পৰ্কৰক্ষী অভিযানৰ উদ্দেশ্যই হ'ল কোৰোনা ভাইৰাছ সম্পৰ্কত ৰাইজক সজাগ কৰা ৷ যেতিয়াৰ পৰা কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধখন আৰম্ভ হৈছে তেতিয়াৰ পৰা আমি চৰকাৰী যন্ত্ৰ ,দল তথা অন্যান্য দলৰ তৰফৰ পৰা আৰু সকলো সংগঠন , সংবাদ মাধ্যমৰ সকলো কৰ্মকৰ্তাই দিনে - নিশাই এই সম্পৰ্কত আমি প্ৰচাৰ কৰিছো আৰু সজাগতাও কৰিছো ৷ তাতে সাংবাদিকসকলো আচলতে  টীম আসামৰ সদস্য ৷ তাৰোপৰি আমি এই সময়ত ৩০ জুনলৈ বিচাৰিছো যে আমি যদি কিছু মানুহৰ লগত ব্যক্তিগত সম্পৰ্ক ৰক্ষা কৰো , তেতিয়াহলে তেওঁলোকৰ মনত আৰু কিবা কথা আছে নেকি , কিবা ক'ব নেকি , আৰু কিবা উপদেশ দিব নেকি বা চৰকাৰখনৰ কাম- কাজত তেওঁলোক সন্তুষ্ট হৈছে নে নাই , কোৰোনা ভাইৰাছ সম্পৰ্কত এতিয়ালৈকে চৰকাৰে যিবোৰ সিদ্ধান্ত লৈছে তাক সহযোগ যে কৰিছে আদি কথাবোৰ জনাৰ বাবে আৰু জনোৱাৰ বাবে আমি এই কাৰ্যসূচীৰ জৰিয়তে কিছু মানুহক লগ পাব বিছাৰো ৷ মূলত চৰকাৰ দুখন অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যৰ চৰকাৰৰ কাম- কাজত ৰাইজ সন্তুষ্ট হৈছে নে নাই , ইয়াতকৈ আৰু বেছি উন্নয়ন বিচাৰিছে নেকি বা ৰাইজে আৰু ইয়াতকৈও কিবা বিচাৰিছে নেকি আদি কথাবিলাকৰ কাৰণে এই জনসম্পৰ্কৰক্ষী অভিযান আৰম্ভ কৰা হৈছে ৷ 

আনহাতে বিগত দিনত ৰাজ্যৰ বিভিন্ন স্থানত বিজেপিৰ উত্থান হোৱাৰ বিপৰীতে আজিৰ দিনটোত বঙাইগাঁও জিলাত বিজেপিৰ স্থিতিটো কেনেকুৱা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ৰাজ্যত মিত্ৰ জোটৰ চৰকাৰ এখন চলি আছে আৰু বঙাইগাঁৱত মিত্ৰ জোটৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আছে ৷ গতিকে আমি বিজেপিৰ ফালৰ পৰা অসম গণ পৰিষদ দলক আজিৰ দিনটোত সহায় কৰি আছো ৷ তাৰোপৰি আমি দুয়োটা দল শক্তিশালী হলেহে আগন্তুক দিনত আমাৰ অগপ আৰু বিজেপিৰ ভাল হ'ব ৷ অগপক আমাৰ দলৰ কৰ্মকৰ্তাসকলে নিৰন্তৰভাৱে সহায় কৰি আছে ৷ মিত্ৰ দলৰ এইটো হ'ল উদ্যোম ৷ এই উদ্যোমেৰেই মিত্ৰ জোটৰ সকলোৱে কাম কৰি আছে বুলি কয় ৷ ইপিনে পৰৱৰ্তী নিৰ্বাচনতো একেই পৰিকল্পনা হ'ব নেকি বুলি কৰা সাংবাদিকৰ প্ৰশ্নত্তোৰত মন্ত্ৰী পাটোৱাৰীয়ে নিশ্চয় বুলি কৈয়ো কয় যে সময়ত আপোনালোকে সকলো কথা জানিব পাৰিব ৷ আমি মিত্ৰ জোটৰ হিচাপে যিহেতুকে বঙাইগাঁৱত অগপ দলৰ বিধায়ক আছে, গতিকে বিজেপিৰো কৰ্মকৰ্তাসকলে সহযোগ কৰি ৰাইজৰ বাবে তথা বঙাইগাঁও জিলাখনৰ উন্নয়নৰ কাৰণে আমি দুয়োটা দলে মিলি কাম কৰি আছো ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article