-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলাত পুনৰ ২৯ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ

👉৫৪৫ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা 



           🔯বঙাইগাঁওঃ ২৮ জুলাইঃ

📝বঙাইগাঁও জিলাত পুনৰ ২৯ জন ব্যক্তিৰ দেহত  ক'ভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ জিলাখনত দৈনিক বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা ৷ অৱশ্যে আক্ৰান্ত ব্যক্তি চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ ঘৰলৈকো উভতি গৈ আছে ৷ উল্লেখ্য যে বিগত ২৪  ঘণ্টাত জিলাখনত ২৯ জন ব্যক্তিৰ দেহত নতুনকৈ কোভিড- ১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা ৫৪৫ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত নতুনকৈ কোভিডত আক্ৰান্তসকলৰ ভিতৰত ৩ জন বি এছ এফৰ জোৱান , ১ জন আৰ পি এফ , ২ জন চতুৰ্থ এ পি টি এচ বেটেলিয়নৰ , ২ জন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ , ১১ জন সংস্পৰ্শলৈ অহা , ১ জন আসাম পেট্ৰো কেমিকেলৰ গৃহৰক্ষী ,১ জন এইচ ডি এফ চি বেংকৰ ,১জন উদয়ন এক্সপ্ৰেছৰ , ৪ জন আন্তঃ ৰাজ্য ভ্ৰমণ কৰা ,১ জন বৈদ্যুতিক সামগ্ৰী বিক্ৰী কৰা দোকানৰ ,১ জন স্বাগত হাস্পতাললৈ চিকিৎসাৰ বাবে যোৱা আৰু ১ জন চেৰিকালচাৰ বিভাগৰ কৰ্মচাৰী আছে ৷ কোভিডত আক্ৰান্তসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত মুঠ ৫৪৫ জন ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে ২৫২ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে ৷ সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ১৬৬ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ১২৭ জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article