Monday, July 27, 2020
Comment
👉বঙাইগাঁৱত বান- গৰাখহনীয়া সমস্যা প্ৰতিৰোধৰ দাবীত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ
👉মুখ্যমন্ত্ৰীৰ ভূমিকাক তীব্ৰ সমালোচনা সভাপতি ৰেজাউল কৰিম সৰকাৰৰ
🔯বঙাইগাঁওঃ২৭ জুলাইঃ
📝 ৰাজ্যখনত তাণ্ডৱ সৃষ্টি কৰা বান গৰা-খহনীয়াৰ এই সংকট কালত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা ভূমিকাক তীব্ৰ সমালোচনা কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ আজি বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্তসকলক পৰ্যাপ্ত সাহাৰ্যৰ ব্যৱস্থা কৰাৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বঙাইগাঁও জিলা আমছুৰ উদ্যোগত জিলাখনৰ ৰাখালডুবিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰা এক মানৱ শৃংখল কাৰ্যসূচী অংশগ্ৰহণ কৰি সভাপতি ৰেজাউল কৰিম সৰকাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ সমালোচনা কৰি কয় যে ৰাজ্যখনত প্ৰায় ৫০ লাখ লোক বানপানীৰ কৱলত পৰিবলগীয়া হৈছে ৷ সেইদৰে ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ ঘৰ বাৰী এৰি লোকে আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে ৷ কিন্তু অসম চৰকাৰে যি ধৰণে বানাক্ৰান্ত লোকৰ খবৰ ল'ব লাগিছিল সেই ধৰণে লোৱা নাই ৷ আনকি মুখ্যমন্ত্ৰীয়েও প্ৰয়োজন অনুসৰি কৰা নাই কোনো সহযোগ ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণ বিফল হৈছে ৷ বান- গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে লোৱা নাই কোনো ব্যৱস্থা ৷ লগতে সভাপতি গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ ৰাজকোষৰ ধন খৰচ কৰি কেৱল শদিয়াৰ পৰা ধুবুৰী লৈকে ঘূৰিছে ৷ ইয়াৰ ফলত কিন্তু বান পীড়িত ৰাইজৰ কোনো উপকাৰ হোৱা নাই আৰু গৰাখহনীয়া প্ৰতিৰোধৰো বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷
আনহাতে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাকো সমালোচনা কৰে আমছুৰ সভাপতি গৰাকীয়ে ৷ তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰৰ দৰে এইবেলিও অসমক বা অসমৰ বান -গৰাখহনীয়া সমস্যাক মাহী আইৰ দৃষ্টিত চাইছে ৷ বিগত ২০১৬ চনৰ পৰা অসমৰ বান গৰা-খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক এটা ফুটা কঢ়িও দিয়া নাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰি কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰক তৈল মৰ্দন কৰি আহিছে ৷ মুখ্যমন্ত্ৰীৰ এনে ভূমিকা লজ্জাজনক বুলিও অভিহিত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজৰ খবৰ লোৱাৰ লগতে সকলো ধৰণৰ সহযোগ কৰা বুলি কৈছে যদিও এতিয়াও লাখ লাখ মানুহ বানত ককবকাই আছে , খাবলৈ পোৱা নাই , পশুধনে খাদ্য পোৱা নাই ,বিভিন্ন মথাউৰী চিঙি গৈছে , বানত আশ্ৰয়হীন হৈছে লোক ৷ কিন্তু তেনে সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল নিজৰ বা বা লোৱাৰ বাহিৰে কোনো সঠিক ব্যৱস্থা লোৱা নাই ৷ যাৰ বাবে আমি ৰাজ্যজুৰি আমছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীৰ এনে কাৰ্যক আমি তীব্ৰ নিন্দা জনাইছো আৰু কেন্দ্ৰীয় চৰকাৰকো অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাবে নিন্দা জনাইছো ৷ লগতে অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে অতিশীঘ্ৰে ঘোষণা কৰাৰ দাবী জনায় সভাপতি গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীক যদিহে তেওঁ সঁচাকৈ অসমখনক ভাল পায় আৰু এজন প্ৰকৃত অসমীয়া হয় , তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰক সৈমান কৰি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ বাধ্য কৰাওক আৰু বানৰ কবলত পৰা মানুহখিনিক তেওঁ উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰক ৷ অন্যথা ইয়াতকৈ ভয়াৱহ আন্দোলন আৰম্ভ হ'ব বুলিও কয় ৷ আমছুৰ সভাপতিগৰাকীয়ে আৰু কয় যে কৰ'না ভাইৰাছক চৰকাৰে যেনেদৰে গুৰুত্ব দি কাম কৰি আছে তাতোকৈ কিন্তু বান পৰিস্থিতি অধিক ভয়াৱহ হৈছে ৷ একেদৰে কৃষকেও মূৰে- কপালে হাত দিবলগীয়া হৈছে ৷ সেয়ে চৰকাৰক বানত ক্ষতিগ্ৰস্ত লোকসকৰ লগতে কৃষকসকলৰ বাবে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷
উল্লেখ্য যে মানৱ শৃংখল কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন ছয় দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকত সংগঠনটোৱে বিশ্ববিদ্যালয় তথা আই আই টিৰ বিশেষজ্ঞ অধ্যাপক তথা গৱেষক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিজ্ঞান ভিত্তিক অধ্যয়ন কৰাই আধুনিক বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি বান আৰু গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা, গৰাখহনীয়া আৰু বানপানীৰ কবলত পৰা পৰিয়ালক পৰ্যাপ্ত পৰিমাণে সাহাৰ্য প্ৰদান কৰা, বান আৰু গৰাখহনীয়াগ্ৰস্ত সকলক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা, পশুধনৰ বাবে খাদ্য-সামগ্ৰী তথা চিকিৎসাৰ ব্যৱস্থা কৰা, বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ সৰ্বস্ব হেৰোৱা সকলক উচিত ক্ষতিপূৰণসহ পুনৰ সংস্থাপন কৰা আৰু অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায়। কাৰ্যসূচীত জিলা আমছুৰ সভাপতি হজৰত আলী , কাৰ্যকৰী সভাপতি আজগৰ আলীকে ধৰি জিলা সমিতিৰ বিষয়ববীয়া আৰু কৰ্মীসকল উপস্থিত থাকে ৷ ইপিনে চিৰাং জিলাৰ পলাংশুগুৰীৰ আই নদীৰ পাৰত এই মানৱ চিৰাং জিলা আমছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।🔯


0 Response to " "
Post a Comment