-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US


👉বঙাইগাঁৱৰ ৰে'ল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ


       🔯বঙাইগাঁওঃ ২৮ জুলাইঃ 

📝বঙাইগাঁও চহৰৰ পাগলাস্থানৰ ফুট ব্ৰীজৰ তলৰ ৰে'ল পথত আজি পুৱা এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত লোকজনৰ পিন্ধনত নীলা ৰঙৰ চাৰ্ট আৰু হাফ পেণ্ট আছিল ৷ আনুমানিক ৪০ বছৰ বয়সৰ মৃত লোকজনৰ ভৰি এখন কটা যোৱাৰ লগতে মূৰত আঘাতৰ চিনলৈ চাই আৰক্ষীয়ে লোকজন ৰে'লৰ খুন্দাত নিহত হোৱা বুলি সন্দেহ কৰিছে ৷ উল্লেখ্য যে পুৱা ৭ মান বজাত বঙাইগাঁও ৰে'লৱে ষ্টেচনৰ ৰে'লৱে আৰক্ষীয়ে ৰে'ল পথত মৃতদেহ পৰি থকাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিচত চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টাৰ বাবে মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে ৷ অৱশ্যে  লোকজনে আত্মহত্যা কৰিলে নে ৰে'ল পথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়ত ৰে'লৰ খুন্দাত নিহত হ'ল সেয়া জানিব পৰা হোৱা নাই ৷ লগতে ঘটনাটো নিশাৰ ভাগত সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article