-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্ৰত চলে সুৰাৰ আড্ডা

👉জিলা প্ৰশাসনে ৰাখিছে নে খবৰ?

            বঙাইগাঁওঃ ৩ জুলাইঃ

🔯বঙাইগাঁৱত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনৰ নামত যে ভেকোভাওনা এখন  চলি আছে সেয়া পুৰণি বঙাইগাঁও অঞ্চলৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ দৃশ্যই উদঙাই দিছে ৷ কেন্দ্ৰটোত চলিছে সুৰাৰ আড্ডা ৷ উল্লেখ্য যে  পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰটোত কোৱাৰেণ্টাইন হৈ আছে তিনিজন যুৱক ৷ কোৱাৰেণ্টাইনত থকা এই তিনি যুৱকৰ সৈতেই এতিয়া কোৱাৰেণ্টাইনত নথকা সুৰা যোগনীয়াৰ বন্ধুৰ নিশা চলে সুৰাৰ আড্ডা ৷ এই সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পিচতে এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু আতংকৰ সৃষ্টি হৈছে ৷ কাৰণ কোৰোনা ভাইৰাছকলৈ সৰ্বত্ৰে আতংকময় পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে কোৱাৰেণ্টাইন কেন্দ্ৰত চলি থকা এনে ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ লগতে ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে যে বঙাইগাঁৱত কোৱাৰেণ্টাইন কেন্দ্ৰত কি চলি আছে জিলা প্ৰশাসনে খবৰ ৰাখিছে নে বুলিও ৷ কাৰণ এইটোৱে একমাত্ৰ কোৱাৰেণ্টাইন কেন্দ্ৰ নহয় য'ত সুৰাৰ আড্ডা চলিছে ৷ নৰ্থ বইটামাৰীৰ এখন বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰতো এই একেই অভিযোগ উত্থাপিত হৈছিল ৷ সেয়ে এইদৰেই যদি কোৱাৰেণ্টাইন ব্যৱস্থা চলি আছে ,তেতিহ'লে সৰ্ব সাধাৰণ ৰাইজ আতংকিত হোৱাতো স্বাভাৱিক আৰু জিলা প্ৰশাসনৰ বাবে এয়া বিফলতা হিচাপে পৰিগণিত হ'ব ৷🔯



0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article