Tuesday, July 21, 2020
Comment
👉বঙাইগাঁৱৰ বিদ্যাপুৰত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ
🔯কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁৱৰ বিদ্যাপুৰত মানৱ শৃৃংখলেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিদ্যাপুৰ আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে হাতে কৃষক নেতাগৰাকীৰ ফটোলৈ অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক , কা আমি নামানো আদি শ্লোগানো দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথৰ লগতে বিদ্যাপুৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ৷ ইপিনে সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম চৰকাৰে অন্যায়ভাৱে এন আই এৰ কিছুমান ভুৱা গোচৰত কৃষক নেতা অখিল গগৈক কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে ৷ সেয়ে অতিশীঘ্ৰে আৰু সসন্মানেৰে কৃষক নেতাগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছো ৷🔯
0 Response to " "
Post a Comment