Thursday, July 2, 2020
Comment
👉বঙাইগাঁৱত আই উপত্যকা বন সংমণ্ডলৰ সৌজন্যত সপ্তাহজোৰা কাৰ্যসূচীৰে বন মহোৎসৱৰ আৰম্ভণি
🔯বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডলৰ সৌজন্যত বুধবাৰে জিলাখনৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ঠাকুৰাণীপাৰাত গছপুলি ৰোপন আৰু বিনামূলীয়া পুলি বিতৰণ কৰি ৭১ সংখ্যক বনমহোৎসৱ উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত নামনি অসম সামাজিক বনানীকৰণ চক্ৰৰ বন সংৰক্ষক ডাঃ এছ. ইউ. চৌধুৰী, আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী এ. এছ. আৰিফ, বঙাইগাওঁ সামাজিক বনানীকৰণৰ বন সংমণ্ডল বিষয়া জে. কে. দাস প্ৰমুখ্যে আই উপত্যকা বন সংমণ্ডলৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বনমহোৎসৱৰ শুভাৰম্ভণি কৰা হয়।
ইপিনে বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীয়ে জনোৱা মতে বুধবাৰৰ (১জুলাই) পৰা ৭ জুলাইলৈ আই উপত্যকা বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন অঞ্চলত গছপুলি ৰোপন আৰু বিনামূলীয়া পুলি বিতৰণ কৰি সপ্তাহজোৰা কাৰ্যসূচীৰে বনমহোৎসৱ পালন কৰা হ'ব।

0 Response to " "
Post a Comment