বাঙালী যুৱ ছাত্র ফেডাৰেচন আৰু প্ৰাক্তন বিটিএফৰ ৪০৯ জনৰ যোগদান
Monday, August 24, 2020
Comment
👉বিজনীত ইউ পি পি এলৰ যোগদান সভা
👉বাঙালী যুৱ ছাত্র ফেডাৰেচন আৰু প্ৰাক্তন বিটিএফৰ ৪০৯ জনৰ যোগদান
বঙাইগাঁওঃ২৩ আগষ্টঃ
📝চিৰাং জিলাৰ বিজনীত দেওবাৰে ইউপিপিএলৰ এখন যোগদান সভা অনুষ্ঠিত হয়। বিজনীৰ ভেটাগাঁওস্থিত দলৰ কাৰ্যলয়ত অনুষ্ঠিত যোগদান সভাত সদৌ বিটিচি বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য চিন্ময় সৰকাৰ আৰু বিজনী আঞ্চলিক কমিটিৰ সভাপতি উত্তম ভৌমিকৰ নেতৃত্বত সংগঠনটোৰ লগতে প্ৰাক্তন বিটিএফৰ তৰফৰ পৰা সৰ্বমুঠ ৪০৯ জনে ইউ পি পি এলত যোগদান কৰে। যোগদান সভাত বি.আৰ ফেৰেংগা তথা ৰঞ্জিত বসুমতাৰী আৰু কেন্দ্ৰীয় উপ সভাপতি ৰৌণগৌৰা নাৰ্জাৰী উপস্থিত থাকি এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে ইউ পি পি এলক চৰকাৰ গঠন কৰাত সহায় কৰিব বুলি দাবী কৰাৰ লগতে এইবাৰ ইউপিপিএলে চৰকাৰ গঠন কৰাতো নিশ্চিত হৈ পৰিছে বুলি দাবী কৰে।

0 Response to "বাঙালী যুৱ ছাত্র ফেডাৰেচন আৰু প্ৰাক্তন বিটিএফৰ ৪০৯ জনৰ যোগদান "
Post a Comment