-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাৰ বইটামাৰীত বিশ্ব শ্ৰৱণ দিৱস উদযাপন

বঙাইগাঁও জিলাৰ বইটামাৰীত বিশ্ব শ্ৰৱণ দিৱস উদযাপন

👉বঙাইগাঁও জিলাৰ বইটামাৰীত বিশ্ব শ্ৰৱণ দিৱস উদযাপন 

📝বঙাইগাঁও জিলা ৰাষ্ট্ৰীয় শ্ৰৱণ বধিৰতা নিয়ন্ত্ৰণ আঁচনিৰ উদ্যোগত আৰু বইটামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আজি বিশ্ব শ্ৰৱণ দিৱস উদযাপন কৰা হয় ৷ বইটামাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত জিলা ভিত্তিত উদযাপন কৰা বিশ্ব শ্ৰৱণ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ সজাগতা সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস,ডাঃ দাৰাসিং ৰায়, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ এম ৰহমান, জিলা আঁচনি প্ৰৱন্ধক গোটৰ সদস্য ক্ৰমে ডিপিএম, ডিচিএম, ডিচিঅ,বইটামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী,সচিব, বিচিএম, বিএএম, আশাকৰ্মী, অংগনবাদী কৰ্মী আৰু গাঁও পঞ্চায়তৰ সদস্যসকল আৰু গাঁওবাসী উপস্থিত থাকে ৷ সজাগতা সভাৰ অন্তত ডাঃ দাৰাসিং ৰায়ৰ নেতৃত্বত কাণৰ বিশেষ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় ৷🔯

0 Response to "বঙাইগাঁও জিলাৰ বইটামাৰীত বিশ্ব শ্ৰৱণ দিৱস উদযাপন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article