বঙাইগাঁৱত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক
Sunday, March 7, 2021
Comment
👉বঙাইগাঁৱত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক
📝অসম বিধান সভাৰ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত বিধান সভা নিৰ্বাচনৰ মনোনয়ন কোষৰ তত্বাৱধায়ত তথা জিলাৰ অতিৰিক্ত উপায়ুক্ত ডা: এচ তহিদুৰ ৰহমান আৰু সহকাৰী আয়ুক্ত শিৱাংশ অৱস্থিৰ উপস্থিতিত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন জৰুৰী সভা অনুষ্ঠিত হয় । এই সভাত সহকাৰী আয়ুক্ত গৰাকীয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ গাইডলাইন অনুসৰি জিলাখনৰ সকলো ৰাজনৈতিক দলক আহ্বান জনাই কয় যে কোনো এজন প্ৰাৰ্থী যদি কোনো মামলা-মোকৰ্দ্দমা বা অপৰাধজনিত গোচৰ আদিৰ বাবে কোনো আইন আদালত অথবা আৰক্ষী থানাত কোনো দণ্ডবিধি গোচৰত নিজৰ নাম ৰুজু হৈ আছে তেনেহলে তেওঁ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বাতৰি কাকত , দূৰদৰ্শন , সামাজিক মাধ্যম তথা দলৰ ৱেবচাইটৰ জৰিয়তে প্ৰাৰ্থী তালিকা ঘোষণাৰ ৪৮ ঘন্টাৰ ভিতৰত ৰাইজৰ জ্ঞাতাৰ্থে জনাব লাগিব। এই সভাত ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ, ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰতিনিধি সকলৰ লগতে ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কবিতা ডেকা উপস্থিত থাকে ।🔯
0 Response to "বঙাইগাঁৱত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক "
Post a Comment