বঙাইগাঁও জিলাত ক'ভিডত দুজনৰ মৃত্যু
Sunday, May 23, 2021
Comment
👉বঙাইগাঁও জিলাত ক'ভিডত দুজনৰ মৃত্যু
👉নতুনকৈ আক্ৰান্ত ৬৮ জন
📝বঙাইগাঁও জিলাত শুকুৰবাৰে নতুনকৈ ৬৮ জন ব্যক্তি ক'ভিড - ১৯ আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে দুজন ব্যক্তিৰ ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে ক'ভিডত মৃত লোক দুজন বঙাইগাঁও জিলাৰ টুলুঙীয়া দ্বিতীয় খণ্ডৰ খগেন চন্দ্ৰ ৰায় ( ৫৫) আৰু অভয়াপুৰী শিৱপুৰৰ হৰেন্দ্ৰ চন্দ্ৰ মণ্ডল ( ৮০) ৷ ইয়াৰে খগেন চন্দ্ৰ ৰায়ৰ বঙাইগাঁৱৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে হৰেন্দ্ৰ চন্দ্ৰ মণ্ডলৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ ইপিনে জিলাখনত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি পাই ৪৪৬ জন হৈছে ৷ ইয়াৰে ভিতৰত ২৯৫ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ১৫১ জন হোম কোৱাৰেণ্টাইনত আছে ৷ আনহাতে শনিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১৯ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত শনিবাৰে মুঠ ৩১০৪ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ২২ মেলৈ মুঠ ক'ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ২,৩৭৩ জন ৷ 🔯

0 Response to "বঙাইগাঁও জিলাত ক'ভিডত দুজনৰ মৃত্যু "
Post a Comment