-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
ৰাহি হোৱা ক'ভিড ভেকচিন ড'জৰ পৰা ১৩০ জনক প্ৰদান

ৰাহি হোৱা ক'ভিড ভেকচিন ড'জৰ পৰা ১৩০ জনক প্ৰদান

👉বঙাইগাঁও জিলা উপায়ুক্তৰ বিশেষ ব্যৱস্থা

👉ৰাহি হোৱা ক'ভিড ভেকচিন ড'জৰ পৰা ১৩০ জনক প্ৰদান
📝বঙাইগাঁও জিলা প্ৰশাসনৰ এক বিশেষ পদক্ষেপ হিচাপে আজি জিলাখনৰ বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক'ভিড ভেকচিনৰ ভাইলৰ পৰা অতিৰিক্ত অংশ ৰাহি কৰা ১৩০ ড'জ ১৩০ গৰাকী ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ লোকক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষে পুৱা ১০ বজাত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ উপস্থিতিত বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে ক'ভিড ভেকচিনৰ এটা ভাইলৰ পৰা ১০জন লোকক ভেকচিন দিয়াৰ পিছত যিখিনি অতিৰিক্ত অংশ ৰাহি হয় সেইখিনি উলিয়াই লৈ বাকী অংশ আন এটা ভাইলৰ পৰা লৈ লোক এজনক ভেকচিন প্ৰদান কৰা হয় ৷ ইয়াৰ ফলত অতিৰিক্তভাৱে আৰু কিছু লোকক ভেকচিন দিবলৈ সক্ষম হৈছে ৷ লগতে এনে ব্যৱস্থাৰ ফলত ভেকচিনৰ অপচয় ৰোধ কৰাতো সম্ভৱপৰ হৈছে ।এনেদৰে ভেকচিনৰ ড'জৰ পৰা উলিয়াই ৰাহি কৰা ১৩০টা ড'জ আজি ১৩০ গৰাকী লোকক দিয়া হয়। 
ইপিনে অনুষ্ঠানত উপস্থিত থকা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে বহু মানুহ এতিয়াও সজাগ হোৱা নাই ৷ যাৰ ফলত বহুতে নিজৰ অসাৱধানতাৰ বাবে মৃত্যুক সাৱতি ল'বলগীয়া হৈছে ৷ কাৰণ বহুতে ক'ৰোনাৰ লক্ষণ দেখা দিয়াৰ পিছতো সময় মতে টেষ্ট নকৰি ঘৰতে থাকে আৰু পিছত যেতিয়া চিকিৎসালয়লৈ লৈআহে তেতিয়া বহু পলম হয় ৷ ফলত ৰোগীজনৰ মৃত্যু হয় ৷ বঙাইগাঁও জিলাতে এনে ঘটনা হৈছে আৰু পাঁচজনমান ব্যক্তিৰ ইয়াৰ ফলত মৃত্যু হৈছে বুলি কয় ৷ এই ব্যক্তিসকল ভালেদিন ধৰি অসুস্থতাত ভুগি থকাৰ পিছতো ঘৰতে আছিল আৰু পিছত পলমকৈ চিকিৎসালয়লৈ অনাৰ বাবে সঠিক সময়ত সঠিক চিকিৎসা লাভৰ পৰা বঞ্চিত হৈছিল ৷ সেয়ে বিধায়কগৰাকীয়ে ক'ৰোনাৰ লক্ষণ দেখা দিলেই ঘৰত নাথাকি প্ৰথমে চিকিৎসালয়লৈ গৈ ক'ভিড টেষ্ট কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ জিলাবাসীক আহ্বান জনায় ৷ বিধায়কগৰাকীয়ে ক'ৰোনা মহামাৰী প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰো সহযোগিতা বিচাৰি সকলোৱে একেলগে যুঁজ দিয়াৰ পোষকতা কৰে ৷ অনুষ্ঠানত বঙাইগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপন বৰ্মন,জিলা আঁচনি প্ৰবন্ধক আনন্দ কুমাৰ শৰ্মা তথা স্বাস্থ্য বিভাগৰ বিষয়া আৰু  চিকিৎসকসকল উপস্থিত থাকে।🔯

0 Response to "ৰাহি হোৱা ক'ভিড ভেকচিন ড'জৰ পৰা ১৩০ জনক প্ৰদান"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article