●বঙাইগাঁও জিলাত নতুনকৈ ৩৩ জন ব্যক্তি ক'ভিডত আক্ৰান্ত
Tuesday, June 29, 2021
Comment
■বঙাইগাঁওঃ ২৯ জুনঃ বঙাইগাঁও জিলাত মঙলবাৰৰ দিনটোত নতুনকৈ ৩৩ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১১৭ জন আছে ৷ ইয়াৰ ভিতৰত ৭৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩৮ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ সেইদৰে মঙলবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১৯ জনকৈ ৰোগী ৷ ইপিনে জিলাখনত মঙলবাৰে মুঠ ১,৯১৯ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২৯ জুনলৈকে মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৮৪৫ জন হৈছে ■৷
0 Response to "●বঙাইগাঁও জিলাত নতুনকৈ ৩৩ জন ব্যক্তি ক'ভিডত আক্ৰান্ত"
Post a Comment