-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাত নতুনকৈ ১৯  জন ব্যক্তি ক'ভিডত আক্ৰান্ত

বঙাইগাঁও জিলাত নতুনকৈ ১৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত

📝বঙাইগাঁওঃ ২৯ জুলাইঃ বঙাইগাঁও জিলাত অব্যাহত আছে ক'ৰোনাৰ সংক্ৰমণ ৷ জিলাখনত বৃহস্পতিবাৰে পুনৰ নতুনকৈ ১৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷ অৱশ্যে ইয়াৰ মাজতে ভাল খবৰ এয়ে যে প্ৰতিদিনে নতুনকৈ বিভিন্নজন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈ আছে যদিও দৈনিক সুস্থহৈও আছে ৷ বৃহস্পতিবাৰে সুস্থ হৈ উঠিছে ৩০ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ পুনৰ ১৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৭ জন আছে ৷  ইয়াৰ ভিতৰত ১১৩ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৪ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত  বৃহস্পতিবাৰে মুঠ ৪,৩৪৭ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২৯ জুলাই লৈ  মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৬৯৫  জন হৈছে ৷🔯

0 Response to "বঙাইগাঁও জিলাত নতুনকৈ ১৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article