বঙাইগাঁও জিলাত নতুনকৈ ২৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত
Tuesday, July 20, 2021
Comment
📝বঙাইগাঁওঃ ২০ জুলাইঃ বঙাইগাঁও জিলাত মঙলবাৰৰ দিনটোত নতুনকৈ পুনৰ ২৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ৪২ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ২৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত মুঠ ১৭৬ জন সক্ৰিয় ৰোগী আছে ৷ ইয়াৰ ভিতৰত ১১৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৭ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ আনহাতে মঙলবাৰে জিলাখনত মুঠ ৪,২৪৪ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২০ জুলাই লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৪৭০ জন হৈছে ৷🔯
0 Response to "বঙাইগাঁও জিলাত নতুনকৈ ২৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত "
Post a Comment