-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
 বঙাইগাঁৱত নিশা চুপাৰি চিণ্ডিকেটৰ অন্যতম নায়ক আব্দুল হান্নান আলী ওৰফে বাবলু আৰক্ষীৰ গুলীত আহত

বঙাইগাঁৱত নিশা চুপাৰি চিণ্ডিকেটৰ অন্যতম নায়ক আব্দুল হান্নান আলী ওৰফে বাবলু আৰক্ষীৰ গুলীত আহত

📝বঙাইগাঁওঃ ২০ জুলাইঃ বঙাইগাঁও আৰক্ষীয়ে গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা চুপাৰি চিণ্ডিকেটৰ অন্যতম নায়ক আব্দুল হান্নান আলী ওৰফে বাবলুয়ে আৰক্ষী জিম্মাৰ পৰা পলায়ণ কৰাৰ চেষ্টা চলোৱাত আৰক্ষীৰ গুলীত আহত হয় ৷ একেদৰে বঙাইগাঁও আৰক্ষী থানাৰ চেকেণ্ড অ চি কৃষাণু পাঠক আৰু পি এচ অ নাজিৰুদ্দিন খানো আহত হয় ৷ ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে আজি বিয়লিৰ ভাগত বঙাইগাঁও থানাৰ অন্তৰ্গত চৌৰাগুৰীৰ স্বপন মণ্ডল নামৰ চুপাৰিৰ বেহাৰ সৈতে জড়িত ব্যক্তিজনৰ গৃহলৈ তদন্তৰ বাবে আৰক্ষীয়ে আব্দুল হান্নান আলীক লৈ গৈছিল ৷ উল্লেখ্য যে স্বপন মণ্ডলৰ গৃহত পূৰ্বে বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই বাৰ্মিজ চুপাৰি জব্দ কৰিছিল ৷ আৰক্ষীয়ে চৌৰাগুৰিৰ পৰা বঙাইগাঁও সদৰ থানালৈ বুলি ঘূৰি আহি থকাৰ সময়ত নিশা প্ৰায় আঠ মান বজাত চাপৰাকাটাৰ পাঞ্জাৱী ধাবাৰ সন্মুখত চাহ খাবলৈ বুলি গাড়ীখন ৰখায় ৷ এনে সময়তে আব্দুল হান্নান আলীয়ে গাড়ীৰ পৰা পলায়ণ কৰিবলৈ চেষ্টা চলায় যদিও পি এচ অ নাজিৰুদ্দিন আৰু চেকেণ্ড অ চি কৃষাণু পাঠকে ধৰিবলৈ চেষ্টা কৰে ৷ কিন্তু আব্দুল হান্নানে পি এচ অ নাজিৰুদ্দিনৰ লগত থকা অস্ত্ৰ কাঢ়িবলৈ চেষ্টা কৰে ৷ এনে অৱস্থাত বাধা দিয়াত চেকেণ্ড অ চি কৃষাণু পাঠকৰ নাকত ঘুচিওৱাত আৰক্ষী বিষয়াজন আহত ৷ সেইদৰে পি এ অজনো কিছু পৰিমাণে আহত হয় ৷ পিছত ইয়াৰ সুযোগ বুজি পুনৰ পলায়ণ কৰিবলৈ ওলতেই অৱশেষত আৰক্ষীয়ে গুলী চালনা কৰে ৷ আৰক্ষীৰ গুলী আব্দুল হান্নান আলীৰ ভৰিৰ আঠুৰ তলত লাগে আৰু আহত হয় ৷ পিছত আৰক্ষীয়ে আহত তিনিওকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ আৰক্ষী অধীক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে আব্দুল হান্নান আলীক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰাদন কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে 🔯৷ 

0 Response to " বঙাইগাঁৱত নিশা চুপাৰি চিণ্ডিকেটৰ অন্যতম নায়ক আব্দুল হান্নান আলী ওৰফে বাবলু আৰক্ষীৰ গুলীত আহত "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article