-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলৰ নিত্য বজাৰত বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু

বঙাইগাঁও জিলৰ নিত্য বজাৰত বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু


📝বঙাইগাঁওঃ ২০ জুলাইঃঃ বঙাইগাঁও জিলাৰ বইটামাৰীৰ নিত্য বজাৰত? মঙলবাৰে এজন যুৱক বিদ্যুতপৃষ্ট হৈ মৃত্যুমুখত পৰে । জানিব পৰা মতে, তেত্ৰিশ হাজাৰ ভল্টৰ বৈদ্যুতিক পৰিবাহী তাঁৰত লাগি যুৱকজনৰ মৃত্যু হয় । মৃত যুৱকজনৰ নাম নুৰ মহম্মদ (২৭) বুলি জানিব পৰা গৈছে । দক্ষিণ বইটামাৰীৰ নিত্য বজাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে থকা এটা ঘৰৰ ছালত কাম কৰোতে তাঁৰত লাগি বিদ্যুৎপৃষ্ট হৈ ছিটিকি পৰে যুৱকজন ।সংকটজনক অৱস্থাত যুৱকজনক বইটামাৰী আদৰ্শ চিকিৎসালয়লৈ  লৈ যায় যদিও চিকিৎসকে লগে লগে তাৰ পৰা বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । তাতেই  যুৱকজনৰ মৃত্যু ঘটে  । মৃত যুৱকজন ধুবুৰী জিলাৰ শেগুনঝাৰি গাঁৱৰ শ্বেজাব আলীৰ পুত্ৰ নুৰ মহম্মদ বুলি জানিব পৰা গৈছে । এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।🔯

0 Response to "বঙাইগাঁও জিলৰ নিত্য বজাৰত বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article