-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
🔯বঙাইগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বামপন্থী সংগঠন সমূহৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

🔯বঙাইগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বামপন্থী সংগঠন সমূহৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

📝বঙাইগাঁওঃ ১৯ জুলাইঃ বামপন্থী সংগঠন চি আই টি ইউ (চিটু),নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আদিৰ উদ্যোগত আৰু সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সহযোগত সোমবাৰে বঙাইগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয়  মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু জনস্বাৰ্থত বিৰোধী বাজেট প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পেট্ৰলজাত সামগ্ৰী , ৰন্ধন গেছ, ঔষধসহ সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ৰন্ধনকৰ্মী সকলৰ বকেয়া দৰমহা আদায় দিয়াসহ বিভিন্ন নাৰ্য দাবীৰ সমৰ্থনত প্ৰায় দুই শতাধিক শ্ৰমিকে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

0 Response to "🔯বঙাইগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বামপন্থী সংগঠন সমূহৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article