কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ সমস্যা সমাধানৰ নামত চৰকাৰৰ প্ৰতাৰণা
Sunday, July 18, 2021
Comment
🔯২৯ জুলাইৰ প্ৰতিষ্ঠা দিৱসৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰী ,কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ তেজেৰে লিখা পত্ৰ প্ৰেৰণ কৰিব আক্ৰাছুৱে
🔯৬ আগষ্টত গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ
📝বঙাইগাঁওঃ ১৮ জুলাইঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ সমস্যা সমাধানৰ নামত বাৰে বাৰে চৰকাৰে প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি অহাত ক্ষুদ্ধ হৈ পৰিছে আক্ৰাছু ৷ চৰকাৰৰ এনে বঞ্চনাৰ প্ৰতিবাদত সংগঠনটোৱে অহা ২৯ জুলাইৰ প্ৰতিষ্ঠা দিৱসৰ দিনা এই দীৰ্ঘদিনীয়া দাবীত ভাৰতৰ প্ৰধানমন্ত্ৰী ,কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ তেজেৰে লিখা পত্ৰ প্ৰেৰণ কৰিব কৰিব বুলি সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ৷ বিবৃতিটোত উল্লেখ কৰা মতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ( আক্ৰাছু) ৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা শনিবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন জলন্ত সমস্যাসমূহৰ লগতে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীৰ ওপৰত আলোচনা কৰে ৷ আলোচনাৰ অন্তত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সেই অনুসৰি অহা ২৯ জুলাইত আক্ৰাছুৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সংগঠনটোৰ মুখ্য কাৰ্যালয় প্ৰাংগণত ক'ভিড প্ৰ'টকল মানি অনুষ্ঠুপীয়াকৈ কেন্দ্ৰীয়ভাৱে এদিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে জিলা সমিতি, আঞ্চলিক সমিতিসমূহকো ক'ভিড প্ৰ'টকল মানি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীসমূহ পালন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ আনহাতে পূৰ্বে ঘোষণা কৰা মতে প্ৰতিষ্ঠা দিৱসৰ দিনাই আক্ৰাছুৰ কেন্দ্ৰীয় অধিৱেশনখন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক'ৰোনা মহামাৰীৰ কাৰণে অধিৱেশনখন সাময়িকভাৱে স্থগিত ৰখাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে ৷ ইপিনে চলিত অসম বিধান সভাৰ প্ৰশ্নোত্তৰ কালত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুই কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত দিয়া মন্তব্য বা স্পষ্টিকৰণ সম্পৰ্কত সভাত আক্ৰাছুই ক্ষোভ প্ৰকাশ কৰে ৷ চৰকাৰে বাৰে বাৰে কৰা প্ৰতাৰণা আৰু বঞ্চচনাৰ প্ৰতিবাদত অহা ২৯ জুলাইত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসৰ দিনা জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত তেজেৰে লিখা পত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব ৷ লগতে অসম বিধান সভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে অহা ছয় আগষ্টত গুৱাহাটীত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ইয়াৰ পিছতো যদি চৰকাৰে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহলে আক্ৰাছুৱে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি উল্লেখ কৰিছে ৷ ইপিনে সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত আক্ৰাছুৰ সভাতি অৰুণ কুমাৰ ৰায়ে কয় যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত যি দীৰ্ঘদিনীয়া আন্দোলন চলি আছিল তাৰ ফলশ্ৰুতিত ২০১৯ চনত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে জনজাতিকৰণৰ সকলো দিশ চালি জাৰি চাই এখন প্ৰতিবেদন দাখিলৰ বাবে তদানীন্তন ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপেলৈ মন্ত্ৰীগোটৰ সমিতি এখন গঠন কৰি দিছিল ৷ এই মন্ত্ৰী গোটে আন্দোলনকাৰী সংগঠনসমূহৰ সৈতে কেইবালানি আলোচনাত মিলিত হৈছিল ৷ কিন্তু আমি দেখিবলৈ পালো যে আলোচনাৰ নামত কেৱল আলোচনাহে হ'ল যদিও মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ জনজাতিকৰণৰ প্ৰতিবেদনেই প্ৰেৰণ নকৰিলে ৷ আনকি খোদ মন্ত্ৰীগোটৰ অধ্যক্ষ ড: হিমন্ত বিশ্ব শৰ্মাই নিজেই যোৱা নৱেম্বৰ মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি কৈছিল যদিও আজিলৈকে প্ৰেৰণ নকৰিলে ৷ গতিকে আমাৰ কাৰণে এয়া লজ্বাজনক কথা ৷ তাৰোপৰি বিধান সভাৰ বাজেট অধিৱেশনত বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰতিবেদন আজিলৈকে প্ৰেৰণ কৰা হোৱা নাই বুলি উল্লেখ কৰিছে ৷ এয়া সঁচাকৈ আমাৰ বাবে দুৰ্ভাগ্যজনক ৷ কাৰণ চৰকাৰে প্ৰতিবাৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ নামত কেৱল মিছাই মাতি আহিছে ৷ ইতিমধ্যে কেইবাবাৰো ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ নামত সমিতি গঠন কৰিলে যদিও বাস্তৱত সকলো ভেকো ভাওনা হ'ল ৷ চৰকাৰে নানা অজুহাত দেখুৱাই জনজাতিকৰণৰ বিষয়টো লেহেমীয়া কৰি আছে ৷ সেয়ে আমি চৰকাৰক দাবী জনাইছে যে যদি চৰকাৰৰ সদিচ্ছা আছে সেয়া স্পষ্ট কৰক ৷ কাৰণ মন্ত্ৰীগোটৰ অধ্যক্ষ ড: হিমন্ত বিশ্ব শৰ্মা এতিয়া নিজে মুখ্যমন্ত্ৰী ৷ তেওঁ এগৰাকী দায়িত্বশীল মন্ত্ৰী ৷ তেওঁ যি কথা কয় সেয়াই কৰে ৷ কিন্তু কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত কেৱল আভুৱাভাৰি আহিছে ৷ গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰতি সদিচ্ছা আছে তেতিয়াহলে অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰক ৷ অন্যথা আক্ৰাছুৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব ৷
সংবাদ মেলত সভাপতিগৰাকীয়ে কয় যে চৰকাৰে যি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰিছিল সেয়াও কাৰ্যক্ষেত্ৰত পাৰিষদখন গঠন নহ'ল ৷ সেয়ে পৰিষদখন গঠনৰ ক্ষেত্ৰত যিখিনি আসোঁৱাহ আছে সেয়া আঁতৰ কৰি অতি সোনকালে গঠন কৰিবলৈ দাবী জনায় ৷ কাৰণ যদি আইনত পৰিষদৰ অন্তৰ্গত অঞ্চলৰ ব্যক্তিকলৈহে পাৰিষদখন গঠন কৰিব লাগে বুলি আছে ,তেতিয়াহলে সেইমতে গঠন কৰক ৷ অযথা বিলম্ব কৰাৰ প্ৰয়োজন নাই ৷ সভাপতি ৰায়ে বঙাইগাঁও জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে চৰকাৰে বাজেটত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনায় ৷ লগতে কেৱল প্ৰস্তাৱতেই নাথাকি চিকিৎসা মহাবিদ্যালয়খনৰ কাম সোনকালে আৰম্ভ কৰিবলৈকো আহ্বান জনায় ৷ ইপিনে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোলকগঞ্জত আক্ৰাছুৰ শ্বহীদ দিৱসত চিলাৰায় মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বাজেটত সেয়া দেখিবলৈ পোৱা নগ'ল বুলি খেদ প্ৰকাশ কৰে ৷ সেইদৰে কমতাপুৰ আৰু জনজাতিকৰণৰ আন্দোলনৰ শ্বহীদৰ পৰিয়ালক এককালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ কথাও তেতিয়াৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰিছিল যদিও সেয়াও বাজেটত দেখা নগ'ল ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ সংবাদ মেলত সংগঠনটোৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ে বাজেট অধিৱেশনত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুই দিয়া মন্তব্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দি জনজাতিকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি সোনকালে স্পষ্ট কৰিবলৈ দাবী জনায় ৷ লগতে আগষ্ট মাহৰ পৰাই সংগঠনটোৱে এই দাবীত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি উল্লেখ কৰে ৷ সংবাদ মেলত সংগঠনটোৰ উপ সভাপতি ক্ষীতিশ বৰ্মন , সাংগঠনিক সম্পাদক কল্যাণ সিংহ আদি উপস্থিত আছিল 🔯৷

0 Response to "কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ সমস্যা সমাধানৰ নামত চৰকাৰৰ প্ৰতাৰণা "
Post a Comment