-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
 ■বঙাইগাঁৱত  মিছন ৰামধেনুৰ শুভাৰম্ভ

■বঙাইগাঁৱত মিছন ৰামধেনুৰ শুভাৰম্ভ


বঙাইগাঁওঃ৭ জুলাইঃ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 'মিছন ৰামধেনু-অসম ২০২১' আজি বঙাইগাঁৱতো জিলা পৰ্যায়ত শুভাৰম্ভ কৰা হয় ৷ বঙাইগাঁৱত জিলাখনৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই এই ৰামধেনু মিছনৰ শুভাৰম্ভ কৰে ৷ এই উপলক্ষে নিউ বঙাইগাঁও ভাওলাগুৰী নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) নৱজ্যোতি ওজা, জিলা স্বাস্থ্য বিভাগৰ  যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ  নীলমাধৱ দাস, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লাৱণ্য শৰ্মা,জিলা টীকাকৰণ বিষয়া ডাঃ পুষ্পেন্দু দাস, জিলা আঁচনি প্ৰৱন্ধক আনন্দ শৰ্মা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃএম ইছলাম, চেক্টৰ মেডিকেল বিষয়া আদিৰ উপস্থিতিত এই মিছন শুভাৰম্ভ কৰা হয়। 



উল্লেখ্য যে মিছন ৰামধেনু আঁচনিখন হৈছে ৰৈ যোৱা নাইবা বাদ পৰা ২ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মাতৃক সম্পূৰ্ণ টীকাকৰণ কৰি প্ৰতিৰোধযোগ্য ৰোগসমূহৰ পৰা সুৰক্ষিত কৰা।সাৰ্বজনীন টীকাকৰণ কাৰ্যক্ৰমৰ অধীনত যিমান সংখ্যক প্ৰতিষেধক টীকা সামৰি লোৱা হয় ,সেই সকলো টীকা এই মিছন ৰামধেনুৰ অন্তৰ্ভুক্ত কৰা হৈছে।মিছন ৰামধেনুৰ যোগ্য হিতাধিকাৰীসকল আশাকৰ্মীৰ জৰিয়তে চিনাক্ত কৰা হ'ব। ৭ জুলাইৰ পৰা ১৩ জুলাইলৈ, ৭ আগষ্টৰ পৰা ১৩ আগষ্টলৈ আৰু ৭ ছেপ্তেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰলৈ মুঠ তিনিটা পৰ্যায়ত এই মিছনৰ অধীনত টীকাকৰণ কৰা হ'ব।সৰ্বমুঠ ১২ টা প্ৰতিষেধক টীকা মিছন ৰামধেনুৰ অধীনত সামৰি লোৱা হৈছে।■

0 Response to " ■বঙাইগাঁৱত মিছন ৰামধেনুৰ শুভাৰম্ভ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article