বঙাইগাঁও জিলাৰ নগৰঝাৰত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাঁচ জুৱৰী🔯
🔯জুৱা খেলি থাকোতে হাতে-লোটে গ্ৰেপ্তাৰ জুৱাৰী কেইটাক🔯
📝বঙাইগাঁওঃ ১২ মাৰ্চঃ বঙাইগাঁও জিলাৰ মাণিপুৰ থানাৰ অন্তৰ্গত নগৰঝাৰত শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযানত পাঁচজন জুৱাৰী গ্ৰেপ্তাৰ হয় । গোপন খবৰৰ ভিত্তিত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে নগৰঝাৰা নিবাসী জুব্বাৰ আলীৰ ঘৰত অতৰ্কিতে অভিযান চলাই জুৱা খেলি থকা অৱস্থাত পাঁচজন জুৱাৰীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।ধৃত জুৱাৰী কেইটা নগৰঝাৰ নিবাসী ছহিদুল ইছলাম(২৮),তমছেৰ আলী (২৭), ছহিদুল হক (২৯), হাফিজুৰ ৰহমান৩২ ) আৰু শ্বাহ জামাল আলী(৬০)। জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে 8 টা তাচপাতৰ পেকেটসহ ১০৪ খন তাচপাত, নগদ ধন ৪,২৫০ টকা,এখন কম্বল, এখন প্লাষ্টিকৰ ধাৰীসহ দুটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়।🔯
0 Response to "বঙাইগাঁও জিলাৰ নগৰঝাৰত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাঁচ জুৱৰী🔯"
Post a Comment