১২ মে'ত বঙাইগাঁও জিলাত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালত ৰাইজলৈ আইন সেৱা প্ৰাধিকৰণৰ আহ্বান
Monday, May 9, 2022
Comment
📝বঙাইগাঁওঃ ৯ মে':ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনাত ১৪ মে'ত দেশৰ বিভিন্ন জিলাৰ লগতে বঙাইগাঁও জিলাতো দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব।কোভিড পৰিস্থিতিৰ কাৰণে দেশৰ বিভিন্ন আদালতত বৃহৎ সংখ্যক গোচৰ বিচাৰাধীন অৱস্থাত আছে আৰু ক্ৰমে ক্ৰমে বৰ্ধিত হৈ গৈ আছে। লগতে সাধাৰণ নাগৰিকৰ নিজৰ নিজৰ গোচৰ নিস্পত্তিত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। উক্ত সমস্যাৰ ওপৰত গুৰুত্ব দি মহামান্য উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে অধিক গোচৰ নিস্পত্তিত জোৰ দিছে।ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনাত এইবাৰ প্ৰথাগত প্ৰক্ৰিয়া ভাঙি "প্ৰাক-লোক আদালত সমঝোতা মীমাংসা বৈঠক" ব্যৱস্থাৰ মাধ্যমত প্ৰতিদিনে গোচৰৰ উভয় পক্ষৰ মাজত সমঝোতাকাৰী অধিবক্তাৰ মধ্যস্থতাত বৈঠক চলি আছে।গোচৰৰ উভয় পক্ষই যাতে গোচৰ মীমাংসাৰ স্বাৰ্থত অধিক সুযোগ পায় সেই কাৰণে উক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উক্ত বৈঠক সাক্ষাৎ মাধ্যম (Physical Mode) আৰু দৃশ্য-শ্ৰব্য (Audio Visual) দুয়োটা মাধ্যমত কৰাৰ ব্যৱস্থা কৰা হৈছে। মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ গোচৰ, চেক বাউঞ্চজনিত অপৰাধ গোচৰ, আইনত মীমাংসা হ'ব পৰা অপৰাধজনিত গোচৰ,গাৰ্হস্থ্য হিংসা তথা খোৰাকীজনিত গোচৰ, যান-বাহন আইন সংক্ৰান্তীয় গোচৰ আদিৰ মীমাংসা লোক আদালতৰ জৰিয়তে নিস্পত্তি কৰাৰ বাবে হাতত লোৱা হৈছে।বিচাৰাধীন গোচৰৰ বাহিৰেও ভৱিষ্যতে দাখিল হোৱাৰ সম্ভাৱনা থকা গোচৰ নিস্পত্তিৰ বাবে হাতত লোৱা হৈছে।তাৰ মাজত অন্যতম হ'ল বেংকৰ ঋণ আদায় জড়িত গোচৰ, অসম শক্তি বিতৰণ নিগম পৰিসীমিত(APDCL) অৰ্থাৎ বিদ্যুৎ বিভাগৰ বকেয়া মাচুল আদায় জড়িত গোচৰ, বি এছ এন এল ৰ বকেয়া মাচুল আদায় জড়িত গোচৰ আদি।উক্ত গোচৰসমূহৰ ক্ষেত্ৰত প্ৰাক-লোক আদালত সমঝোতা বৈঠকৰ ব্যৱস্থা কৰা হৈছে। বৈঠকত মধ্যস্থতাকাৰীসকলৰ হস্তক্ষেপত আলোচনাৰ মাধ্যমেৰে মামলা নিস্পত্তি কৰা হ'ব যাতে ভৱিষ্যতে আদায়জনিত মামলা আদালতত দাখিল কৰিবলগা নহয়। বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ৰাইজক অনুৰোধ জনোৱা হৈছে যে যদি কোনোবাই ইতিমধ্যে উক্ত ধৰণৰ গোচৰৰ জাননী পাইছে নাইবা ভৱিষ্যতে পাব, তেওঁলোকে আগ্ৰহেৰে প্ৰাক-লোক আদালত সমঝোতা বৈঠকত যোগদান কৰি নিজৰ গোচৰ নিস্পত্তিৰ সুবিধা গ্ৰহণ কৰে যেন।ইয়াৰ বাবে বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে বা ভ্ৰাম্যভাষ নং ৬৯০১২৮১৬২১ নম্বৰতো যোগাযোগ কৰিব পাৰে। ই-মেইল ঠিকনা-E-mail: dlsabongaigaon.gmail.com🔯
0 Response to "১২ মে'ত বঙাইগাঁও জিলাত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালত ৰাইজলৈ আইন সেৱা প্ৰাধিকৰণৰ আহ্বান "
Post a Comment