🔯বঙাইগাঁৱত আক্ৰাছুৰ ক'লা দিৱস পালন🔯
Sunday, August 28, 2022
Comment
📝বঙাইগাঁওঃ ২৮ আগষ্টঃ ১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰত চৰকাৰ আৰু কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদ্বীপেন্দ্র নাৰায়ণ ভূপ বাহাদুৰৰ মাজত হোৱা চুক্তি অনুসৰি কোচবিহাৰ ৰাজ্যক 'গ' শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান নকৰি চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত দেওবাৰে আক্ৰাছুৱে বঙাইগাঁৱত ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱাই ক'লা দিৱস পালন কৰে ৷ আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বৰপাৰা ৰাজহুৱা খেল পথাৰত সংগঠনটোৱে ক'লা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰি ভাৰত চৰকাৰে জনগোষ্ঠীটোক কৰা প্ৰতাৰণাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীত উপস্থিত থাকি আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলোৰাম ৰায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে কোচ ৰাজবংশী জনগোষ্ঠী বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ লোকখিনি অতিকৈ অৱহেলিত ৷ অসমৰ বিভিন্ন বৌদ্ধিক মহলৰ পৰাই হওক বা বিভিন্ন দল- সংগঠন তথা ৰাজনৈতিক দলৰ পৰাই হওক আজি আমাক ৰাজনৈতিকভাৱে পংগু কৰা হ'ল, অৰ্থনৈতিকভাৱে পংগু কৰা হ'ল ৷ আজি আমাৰ নিজৰ মাটিত ভগনীয়া হৈ থাকিবলগীয়া হৈছে ৷ যাৰ বাবে আমাৰ যিখন ৰাজ্য আছে সেইখন পুনৰ আমি বিচাৰিছো ৷ আমাৰ ভাষা, সংস্কৃতি সকলো আছে ৷ কিন্তু থকাৰ পিচতো আমি অৱহেলিত ৷ সেয়ে আমাক আমাৰ ৰাজ্য লাগে ৷ কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি ধনঞ্জয় নাৰায়ণ দেৱ আদি উপস্থিত থাকে ৷ আনহাতে আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিয়ে চিলাৰায় উৰণীয়া সেতুত ক'লা পতা উৰুৱাই ক'লা দিৱস পালন কৰে ৷ কাৰ্যসূচীত জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ ৰায় আদি উপস্থিত থাকে ৷ 🔯
0 Response to " 🔯বঙাইগাঁৱত আক্ৰাছুৰ ক'লা দিৱস পালন🔯"
Post a Comment