-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাত বিশ্ব কৰ্কট দিৱস পালন

বঙাইগাঁও জিলাত বিশ্ব কৰ্কট দিৱস পালন

বঙাইগাঁও জিলাত বিশ্ব কৰ্কট দিৱস পালন 

বঙাইগাঁওঃ ৪ ফেব্ৰুৱাৰীঃ  সমগ্ৰ বিশ্ব তথা দেশৰ লগতে মঙলবাৰে বঙাইগাঁৱতো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত বিশ্ব কৰ্কট দিৱস পালন কৰা হয় ৷ উল্লেখ্য যে কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰায়ে হ’ল এই দিৱসৰ উদ্দেশ্য। সেয়ে এই দিনটোত বিভিন্ন প্ৰান্তত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত হোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰি তাক লৈ জনতালৈ বাৰ্তা প্ৰেৰণ কৰা হয়। বঙাইগাঁও জিলাতো পালন কৰা বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলক সভা, সজাগতা ৰেলী, ৰোগ চিনাক্তকৰণ শিবিৰ আদি অনুষ্ঠিত হয় ৷ এই দিৱস উপলক্ষে বঙাইগাঁও জিলাৰ বৰাইচলা বজাৰত অনুষ্ঠিত কৰা হয় এখন সজাগতামূলক সভা ৷ কৰ্কট ৰোগ নিৰ্মূলকৰণৰ ওপৰত হোৱা সজাগতা সভাখনত জিলা আয়ুক্ত নৱদ্বীপ পাঠক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকা, সম জিলাৰ সহকাৰী দণ্ডাধীশ শ্ৰেয়া ঘোষ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকা, সৃজনগ্ৰাম মহকুমা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ভাস্কৰ মেধী, ডাঃ আমিনুল ইছলাম, জিলা প্ৰকল্প প্ৰৱন্ধক কৰুণা ব্ৰহ্ম, জিলা মিডিয়া বিশেষজ্ঞ সংগীতা দাস, জিলা অসংক্ৰমিত ৰোগ সমন্বয়ক চেমিনা চুলতানা, জিলা কমিউনিটি মবিলাইজাৰ জ্যোতিৰ্ময় মজুমদাৰ আৰু কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়া উপস্থিত থাকে ৷ 

সজাগতামূলক সভাত কৰ্কট ৰোগৰ ভয়াৱহতা, চিকিৎসা আৰু অতিকৈ প্ৰয়োজনীয় ৰাইজৰ সজাগতা আৰু কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলোৱাৰ প্ৰয়োজনীয়তা ইত্যাদি সম্পৰ্কে বিভিন্ন জনে বক্তব্য ৰাখে। লগতে কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণসমূহৰ বিষয়েও উল্লেখ কৰে ৷ সেই অনুসৰি অত্যাধিক ভাগৰ অনুভৱ কৰা,অত্যাধিক ওজন  কম হোৱা, ঘাঁ হলে সহজে নুশুকোৱা, অস্বাভাৱিকভাবে ৰক্তক্ষয়, স্তন বা যি কোনো ঠাইত গোট মৰা বা টেমুনা হোৱা, বদহজম বা গিলি খোৱাত অসুবিধা হোৱা, কাথ অচিনা বা তিলৰ নিশ্চিন্ত বা আকাৰ বৃদ্ধি হোৱা, নেৰানেপেৰা কাঁহ বা কণ্ঠস্বৰ কৰ্কশ হোৱা, পেট মূত্ৰস্থলৰ অভ্যাস পৰিৱৰ্তন আদি লক্ষণ দেখা দিলে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত বা স্বাস্থ্যকৰ্মীক দেখা কৰিবলৈ কয় ৷ সভাত উপস্থিত থকা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকাই কয় যে বৰাইচলা আয়ষ্মান আৰোগ্য মন্দিৰত পাঁচজন ৰোগী ধৰা পৰিছে ৷ এই ৰোগীসকলক অৱহেলা নকৰি উচিত চিকিৎসা সেৱাৰ জৰিয়তে কৰ্কট ৰোগৰ ওপৰত থকা ভ্ৰান্ত ধাৰণা, অপবাদ, কুসংস্কাৰ আদিৰ অৱসান ঘটাই এখন 'কৰ্কট ৰোগ মুক্ত অসম গঢ়াত সকলোকে সহায় সহযোগিতা কৰিবলৈকো আহ্বান জনায় ৷ সজাগতা সভাৰ লগত সংগতি ৰাখি ৰোগ আগতিয়া ৰোগ চিনাক্তকৰণ শিবিৰো অনুষ্ঠিত হয় ৷ সেইদৰে বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী, স্বাস্থ্যকৰ্মী তথা ৰাইজৰ সহযোগত কৰ্কট ৰোগ সন্দৰ্ভত এক সজাগতা ৰেলীও উলিওৱা হয় ৷ উল্লেখ্য যে  প্ৰতিবছৰে বিশ্ব কৰ্কট দিৱসত এটা বিষয়বস্তু নিৰ্বাচন কৰা হয়। ২০২৫ চনৰ এই বছৰৰ কৰ্কট দিৱসৰ বিষয়বস্তু হ’ল- ইউনাইটেড বাই ইউনিক ( (United by Unique)। এই বিষয়বস্তুৰ জৰিয়তে জনতালৈ এটা বাৰ্তা প্ৰেৰণ কৰা হয় ৷  এই বাৰৰ বাৰ্তাটো হ'ল কৰ্কটৰ বিৰুদ্ধে কেৱল চিকিৎসাৰ জৰিয়তে নহয়, মানুহৰ সহায়ত যুঁজিব পাৰি।

0 Response to "বঙাইগাঁও জিলাত বিশ্ব কৰ্কট দিৱস পালন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article