আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পর্যায়ৰ বিকশিত ভাৰত যুৱ পার্লিয়ামেন্টঃ বঙাইগাঁৱৰ চন্দ্রমল্লিকা দাসৰ অংশগ্ৰহণ
By
NEWS 4 BONGAIGAON
Tuesday, April 1, 2025
✍️বঙাইগাঁওঃ ১ এপ্ৰিলঃ আজিৰে পৰা ৩ এপ্রিললৈ নতুন দিল্লীত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পর্যায়ৰ বিকশিত ভাৰত যুৱ পার্লিয়ামেন্ট '(National Level Viksit Bharat Youth parliament) ৷ এই যুৱ পার্লিয়ামেন্টত বঙাইগাঁৱৰ চন্দ্রমল্লিকা দাসে অংশগ্রহণৰ সুযোগ লাভ কৰিছে ৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রণালয়ৰ অধীনত নেহৰু যুৱ কেন্দ্রৰ দ্বাৰা গোৱালপাৰা ন'ডেল জিলা ( গোৱালপাৰা ,বৰপেটা, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা- মানকাচৰ) ভিত্তিত যোৱা ২২-২৩ মার্চত আয়োজিত জিলা পর্যায়ৰ যুৱ পার্লিয়ামেন্টত বঙাইগাঁৱৰ চন্দ্রমল্লিকা দাসে ৰাজ্যিক পৰ্যায়লৈ বাচনি হৈছিল ৷ তাৰ পিছত যোৱা ২৬ মার্চত অসম বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত ৰাজ্যিক পর্যায়ৰ যুৱ পার্লিয়ামেন্টত ৰাষ্ট্ৰীয় পৰ্যায়লৈ বাচনি হয় ৷ লক্ষ্যণীয় যে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পর্যায়ৰ বিকশিত ভাৰত যুৱ পার্লিয়ামেন্ট মেগা ইভেন্টত ৰাজ্যৰ তিনি গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে ৷ তেওঁলোকে 'এক জাতি,এক নির্বাচন আৰু বিকশিত ভাৰত' শীর্ষক মূল বিষয়ত বক্তব্য আগবঢ়াব ৷ নেহৰু যুৱ কেন্দ্র, গোৱালপাৰাৰ ডেপুটি ডাইৰেক্টৰ আতোৱাৰ ৰহমান, গোৱালপাৰা ন'ডেল জিলাৰ জিলা পর্যায়ৰ আহ্বায়ক জগব্রত দাসে চন্দ্রমল্লিকাৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে ৷
0 Response to "আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পর্যায়ৰ বিকশিত ভাৰত যুৱ পার্লিয়ামেন্টঃ বঙাইগাঁৱৰ চন্দ্রমল্লিকা দাসৰ অংশগ্ৰহণ"
Post a Comment