বঙাইগাঁও জিলাত বিশেষ মিছন ইন্দ্ৰধনুষ ৫.০ ৰূপায়ণ সন্দৰ্ভত টাস্ক ফোৰ্চৰ সভা
Saturday, July 15, 2023
Comment
📝News4Bongaigaon: ১৫ জুলাই: বঙাইগাঁও জিলাত স্বাস্থ্য বিভাগৰ বিশেষ মিছন ইন্দ্ৰধনুষ ৫.০ ৰূপায়িত কৰাৰ বাবে বঙাইগাঁও জিলা টাস্ক ফোৰ্চৰ শনিবাৰে এখন সভা অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত মগেন নৰহৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিয়লি অনুষ্ঠিত এই সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:বাদল সৰকাৰ, বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ বিষয়া ডা:হীৰেন গগৈ, জিলা টিকাকৰণ বিষয়া ডা:পুষ্পেন্দু দাসকে আদি কৰি জিলা আঁচনি প্ৰবন্ধক,মহকুমা স্বাস্থ্য বিষয়াসকল, স্বাস্থ্য বিভাগৰ আন বিভিন্ন বিষয়ববীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক, শলিতা-শিখা এন জি অৰ বিষয়ববীয়াৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়। অহা আগষ্ট, ছেপ্তেম্বৰ আৰু অক্টোৱৰ মাহত বিশেষ মিছন ইন্দ্ৰধনুষ অভিযানৰ অধীনত শূন্যৰ পৰা পাঁচ বছৰ বয়সৰ শিশু আৰু প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক সম্পূৰ্ণ টিকাকৰণ কৰাটোৱে এই বিশেষ মিছন ইন্দ্ৰধনুষৰ লক্ষ্য। যিসকল শিশুক টিকাকৰণ কৰিবলৈ ৰৈ গৈছে বা যিসকল শিশু টিকাকৰণৰ পৰা বাদ পৰি গৈছে তেওঁলোককো এই বিশেষ মিছন ইন্দ্ৰধনুষৰ অধীনত সামৰি লোৱা হ'ব। ইয়াৰ বাবে আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ গণনা কৰিব যে কোন পৰিয়ালত গৰ্ভৱতী মহিলা আছে আৰু কাৰ ঘৰত শূন্যৰ পৰা পাঁচ বছৰ বয়সৰ শিশু আছে । সেই গণনামতে যিমান শিশু আৰু যিমান গৰ্ভৱতী মহিলা আছে সেই আটাইখিনি হ'ব এই বিশেষ মিছন ইন্দ্ৰধনুষৰ লক্ষ্য । ইয়াৰ বাবে বিভিন্ন প্ৰস্তুতি আৰম্ভ কৰিছে বঙাইগাঁও জিলা স্বাস্থ্য বিভাগে।ইয়াৰ বাবে আশাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হ'ব। এই বিশেষ মিছন ইন্দ্ৰধনুষৰ সকলো তথ্য ইউ উইন পৰ্টেল (UWIN Portal ) ত আপলোড কৰিব লাগিব। হিতাধিকাৰীসকলে নিজেও এই পোৰ্টেলত নাম পঞ্জীয়ন কৰিব পাৰিব। এই বিশেষ মিছন ইন্দ্ৰধনুষৰ প্ৰধান লক্ষ্য হৈছে শিশুসকলক মিজিল্চ-ৰুবেলামুক্ত কৰা আৰু নিয়মীয়া টিকাকৰণৰ মান উন্নত কৰা। এই বিশেষ মিছন ইন্দ্ৰধনুষ ৫.০ আগষ্ট মাহৰ ৭ ৰ পৰা ১২ আগষ্টলৈ চলিব।পৰৱৰ্তী পৰ্যায়ত ছেপ্তেম্বৰ আৰু অক্টোৱৰ মাহতো ৰূপায়িত কৰা হ'ব।🔯
0 Response to "বঙাইগাঁও জিলাত বিশেষ মিছন ইন্দ্ৰধনুষ ৫.০ ৰূপায়ণ সন্দৰ্ভত টাস্ক ফোৰ্চৰ সভা"
Post a Comment