-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও গান্ধী ময়দানত ১৫ আগষ্টলৈ সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

বঙাইগাঁও গান্ধী ময়দানত ১৫ আগষ্টলৈ সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

📝News4Bongaigaon: ১৬ জুলাই: অহা ১৫ আগষ্টত বঙাইগাঁও জিলা প্ৰশাসনে স্থানীয় গান্ধী ময়দানত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘটিব বিশিষ্ট অতিথিৰ আগমণ ৷ সেইদৰে পেৰেডৰ অনুশীলন কৰা হ'ব আৰু লগতে গান্ধী ময়দানখন স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুত কৰি উলিয়াব লাগিব। সেয়েহে বঙাইগাঁও জিলা প্ৰশাসনে ১৫ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৫ আগষ্টলৈ অৰ্থাৎ স্বাধীনতা দিৱসৰ সকলো অনুষ্ঠান শেষ নোহোৱা পৰ্যন্ত গান্ধী ময়দানত কোনো সভা-সমিতি পাতিবলৈ অনুমতি দিয়াৰ পৰা বিৰত থাকিব। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। জিলা প্ৰশাসনৰ এক নিৰ্দেশনামৰ্মে এই কথা জনোৱা হৈছে।🔯

0 Response to "বঙাইগাঁও গান্ধী ময়দানত ১৫ আগষ্টলৈ সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article