ষষ্ঠ সদৌ অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ ২০২৩
Saturday, November 18, 2023
Comment
বঙাইগাঁৱৰ অনুস্কা দাস আৰু অন্বিতা বৰুৱাৰ তিনিটাকৈ সোণৰ পদক অৰ্জন
🔯News4Bongaigaon: ১৭ নবেম্বৰঃ ষষ্ঠ সদৌ অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ ২০২৩ ত বঙাইগাঁৱৰ অনুস্কা দাস আৰু অন্বিতা বৰুৱাই তিনিটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে অসম ৰোলাৰ স্কেটিং এছ'চিয়েচনৰ উদ্যোগত ১১ আৰু ১২ নবেম্বৰত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অমৃত উদ্যানৰ ৰোলাৰ স্কেটিং ৰিঙত অনুষ্ঠিত ৰোলাৰ স্কেটিঙত অনুস্কা দাস (চাব জুনিয়ৰ,১১- ১৪ বছৰ ) আৰু অন্বিতা বৰুৱা ( কেডেট, ৭- ৯ বছৰ) ই তিনিটা ইভেণ্ট ক্ৰমে ৫০০ মিটাৰ, ১০০০ মিটাৰ আৰু ৰোড ৰেচ ১লেপ ৰ ১৫০০ মিটাৰত প্ৰথম স্থান দখল কৰি দুয়োগৰাকী প্ৰতিযোগীয়ে তিনিটাকৈ সোণৰ পদক অৰ্জন কৰি বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷ উল্লেখ্য যে , অনুস্কা দাস বৰপাৰা নিবাসী দীপুল দাসৰ(জোন কলিতা) কন্যা আৰু অন্বিতা বৰুৱা দেউৰী পাৰা নিবাসী মৃণাল বৰুৱাৰ কন্যা । ইপিনে এই সাফল্যৰ বাবে বিজেপিৰ বঙাইগাঁও জিলাৰ সংবাদ বিভাগৰ তৰফৰ পৰা দুয়ো গৰাকী পদক বিজয়ী প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা জনাই ভৱিষ্যৎ উজ্জ্বল কামনা কৰিছে।#
0 Response to "ষষ্ঠ সদৌ অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ ২০২৩ "
Post a Comment