Tuesday, April 7, 2020
Comment
পুৰণি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ মহৎ পদক্ষেপ
১২৫ টা দুখীয়া পৰিয়ালক প্ৰদান কৰিলে খাদ্য সামগ্ৰী
বঙাইগাঁওঃ ৬ এপ্ৰিলঃ
মহামাৰী কোৰোনা ভাইৰাছৰ সংক্ৰমণকলৈ দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ ফলত এতিয়া একাংশ গাৱঁৰ সাধাৰণ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত বলবৎ হৈ থকা লকডাউনৰ বাবে পৰিয়াল চলোৱাটো গাৱঁৰ সাধাৰণ লোকৰ বাবে দুৰ্বিহ হৈ উঠিছে ৷ এই লোক সকলক সামান্য সকাহ দিবৰ বাবে এতিয়া অঞ্চল ভেদে আগবাঢ়ি আহিছে বিভিন্ন সংগঠন তথা সুহৃদয়বান ব্যক্তি ৷ পুৰণি বঙাইগাঁৱতো আগবাঢ়ি আহিছে পুৰণি বঙাইগাঁৱৰ স্থানীয় নিয়তি সংঘ তথা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী ৷ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ বিহু নপতাৰ সিদ্ধান্তও ললে বিহু সন্মিলনীয়ে ৷ বিহু নপতাৰ সিদ্ধান্ত ললে ঠিকেই ৷ কিন্তু তাৰ পৰিৱৰ্তে সাচতীয়া ধনেৰে দুখীয়া পৰিয়ালক এই সময়ত কিছু সহায় কৰাৰ বাবে গ্ৰহণ কৰিলে বিহু সন্মিলনীয়ে এক মহৎ পদক্ষেপ ৷
এই পদক্ষেপৰ অংশ হিচাপে দেওবাৰে পুৰণি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা ১২৫ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ পুৰণি বঙাইগাঁও অঞ্চলৰ যি সকল লোক লকডাউনৰ বাবে তথা আৰ্থিক অভাৱৰ বাবে প্ৰযোজনীয় খাদ্য সামগ্ৰী যোগাৰ কৰিব পৰা নাই ,সেই সকল পৰিয়ালক বিহু সন্মিলনীৰ তৰফৰ পৰা কিছু সকাহ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ৷ পৰিয়ালৰ ঘৰে ঘৰে বিহু সন্মিলনীৰ সদস্য সকলে পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ এই খাদ্য সামগ্ৰী আগবঢ়ায় ৷ দুখীয়া পৰিয়ালসমূহক চাউল, দাইল, আটা, আলু, মিঠাতেল, নিমখ, চাবোন,বিস্কুট আদি আগবঢ়ায় পুৰণি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে ৷ বিহু সন্মিলনীখনৰ এই মহৎ পদক্ষেপক ৰাইজে শলাগ লৈছে ৷
0 Response to " "
Post a Comment