-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

🔯ধুবুৰীৰ চাপৰৰ কোভিড- ১৯ ৰোগত আক্ৰান্ত হাজী জামালুদ্দিনে চিকিৎসা গ্ৰহণ কৰিছিল বঙাইগাঁও অসামৰিক চিকিৎসালয়ত

🔯সংস্পৰ্শলৈ অহা চিকিৎসককে ধৰি ৩৩ জনক ৰখা হৈছে আছুতীয়াকৈ 

 🔯পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ

🔯গৃহ অসংক্ৰামন্যতাত আছে জিলাখনৰ ৩,০৪১ জন ব্যক্তি

                    #বঙাইগাঁওঃ ৮ এপ্ৰিলঃ

👉 #ধুবুৰী জিলাৰ চাপৰৰ নিজামুদ্দিন মাৰ্কাজ ফেৰৎ হাজী জামালুদ্দিন নামৰ ব্যক্তিজন কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া বঙাইগাঁও জিলাতো আতংকৰ সৃষ্টি হৈছে ৷ কাৰণ কোভিড - ১৯ ত আক্ৰান্ত এই ব্যক্তিজনৰ সংস্পৰ্শলৈ বঙাইগাঁও জিলাৰ কেইবাগৰাকীও লোক অহা বুলি জানিব পৰা গৈছে ৷ দুৰ্ভাগ্যজনক কথা এয়ে যে হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসকো অহা বুলি জানিব পৰা হৈছে ৷ ইতিমধ্যে সমগ্ৰ বিষয়টো বঙাইগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গুৰুত্বসহকাৰে লৈ ৰোগীগৰাকীৰ সংস্পৰ্শলৈ অহা  চিকিৎসককে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলৰ মুঠ ৩৩ জন ব্যক্তিক আছুতীয়াকৈ ৰাখিছে ৷ উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰৰ উমালপাৰাৰ হাজী জামালুদ্দিনে( ৬৭) ৫ মাৰ্চত ৰে'ল যোগে দিল্লীলৈ গৈছিল আৰু তবলিগী জামাতৰ মুখ্য কাৰ্যালয় নিজামুদ্দিন মাৰ্কাজত অৱস্থান কৰাৰ পিছত ১০ মাৰ্চত ৰাজধানী এক্সপ্ৰেছ যোগে গুৱাহাটীত আহি উপস্থিত হৈছিল ৷ পিছত গুৱাহাটীৰ পৰা ১২ মাৰ্চত ৰে'ল যোগে বঙাইগাঁও জিলাৰ অভয়াপুৰীলৈ আহিছিল আৰু অভয়াপুৰীৰ পৰা পুত্ৰৰ নিজা বাহনেৰে চাপৰৰ নিজ গৃহত উপস্থিত হৈছিল ৷ এই সময়ছোৱাত হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল বিভিন্নজন ব্যক্তি ৷ আনহাতে নিজ গৃহলৈ উভতি অহাৰ পিছতো বিভিন্ন ঠাইলৈ অহা- যোৱা কৰিছিল হাজী জামালুদ্দিনে ৷ ইয়াৰ মাজতে কাহ-চৰ্দি আৰু জ্বৰৰ লক্ষণ দেখা দিয়াত ১৮ মাৰ্চত চিকিৎসকক দেখুৱাবলৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ আহিছিল জামালুদ্দিন নামৰ এই ব্যক্তিজন ৷ ব্যক্তিজন নিজৰ বাহনেৰে অহিছিল বুলিও জানিব পৰা গৈছে ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত তেওঁক ডাঃ ডি এছ ৰায়ে চিকিৎসা কৰে ৷ পিছদিনা অৰ্থাৎ ১৯ মাৰ্চত পুনৰ বঙাইগাঁওলৈ পৰীক্ষাৰ ৰিজাল্ট নিবলৈ আহিছিল ৷ এতিয়া হাজী জামালুদ্দিন কোভিড- ১৯ ত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পোৱাৰ পিছতে লাগিছে হুৱাদুৱা ৷ এই সময়ছোৱাত চিকিৎসককে ধৰি বিভিন্ন জন ব্যক্তি তেওঁৰ সংস্পৰ্শলৈ আহিছিল ৷ 
জানিব পৰা মতে চিকিৎসালয়খনত তেওঁক চিকিৎসা কৰা চিকিৎসকগৰাকীৰ লগতে মুঠ ১৭ জন ব্যক্তিৰ লগত তেওঁৰ সংস্পৰ্শ হৈছিল ৷ সেইদৰে বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ শিঙিমাৰীৰ শোভাহান আলীৰ ঘৰত থকা জোৱায়েক তথা জামালুদ্দিনৰ পুত্ৰ জব্বাৰ আলীও আহিছিল পিতৃৰ সংস্পৰ্শলৈ ৷ জানিব পৰা মতে জব্বাৰ আলীয়ে শহুৰেক শোভাহান আলীৰ ঘৰত পৰিয়ালসহ আছিল আৰু ইয়াৰ পৰাই পিতৃ জামালুদ্দিনৰ চাপৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ অহা যোৱা কৰিছিল ৷ দোকানতে পিতৃৰ সংস্পৰ্শলৈ আহিছিল পুত্ৰ ৷ এই বিষয়ে জানিব পাৰি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে আৰু কাৰ্যবাহী দণ্ডাধীন, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ কৰ্মীয়ে বিদ্যাপুৰৰ শিঙিমাৰীৰ শোভাহান আলীৰ গৃহত উপস্থিত হৈ জামালুদ্দিনৰ পুত্ৰ জব্বাৰ আলীৰ লগতে পত্নী , তিনি সন্তান আৰু শহুৰেক আৰু শাহুয়েকক চিকিৎসালয়লৈ আনি আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে ৷ সেইদৰে বঙাইগাঁও জিলাৰ খগৰপুৰ গাৰোদোকান অঞ্চলৰ তিনিজন ব্যক্তিও সংস্পৰ্শলৈ অহা বুলি সন্দেহ কৰা হৈছে ৷ এই ব্যক্তি তিনিজনৰ দোকান আছে আৰু চাপৰৰ জামালুদ্দিনৰ পাইকাৰী চাউলৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই এওলোকৰ দোকানলৈ বাহনেৰে চাউল আহে ৷ সেয়ে চাউল দি যোৱা ব্যক্তিয়ে যিহেতু জামালুদ্দিনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চাউল কঢ়িয়াই আনে ,সেয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰা লোকৰ জৰিয়তে এই তিনিজন দোকানীও সংস্পৰ্শলৈ আহিব পাৰে বুলি সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে প্ৰশাসন তথা স্বাস্থ্য বিভাগে ব্যক্তি তিনিজনক গৃহ অসংক্ৰামন্যতাত ৰাখিছে ৷ লগতে দোকানো বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে ৷ আনহাতে জিলাখনৰ মাণিকপুৰৰো এটা পৰিয়ালৰ ছয়জন ব্যক্তিক কোভিড-১৯ ত আক্ৰান্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত আছুতীয়াকৈ ৰখা হৈছে ৷ 
জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে চাপৰৰ হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা বঙাইগাঁও জিলাৰ মুঠ ৩৩ জন লোকক বৰ্ত্তমানলৈকে আছুতীয়াকৈ ৰখা হৈছে । ইয়াৰে ১৩ জনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ  আছুতীয়া কক্ষত ৰখা হৈছে আৰু ২০ জনক গৃহ অসংক্ৰামন্যতাত ৰখা হৈছে । উল্লেখ্য যে হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসকজনৰ লগতে তেওঁৰ পৰিয়ালকো ৭ এপ্ৰিলৰ পৰা গৃহ অসংক্ৰামন্যতাত ৰখা হৈছে । আনহাতে বৰ্তমান জিলাখনত ৩,০৪১ গৰাকী লোক গৃহ অসংক্ৰামন্যতাত আছে । বঙাইগাঁও জিলাত বৰ্ত্তমানলৈকে  মুঠ ৭১ টা সন্দেহযুক্ত ৰোগীৰ নমুনা সংগ্ৰহ কৰা হৈছে । ইয়াৰে ৩৭ টা নমুনাৰ নিগেটিভ ৰিজাল্ট  আহিছে । ৩৩ টা নমুনা আজি প্ৰেৰণ কৰা হৈছে আৰু ১ টা নমুনাৰ ৰিজাল্ট বৰ্ত্তমানলৈ আহি পোৱা নাই । বঙাইগাঁও জিলাত যদিও বৰ্ত্তমানলৈ  কোভিড-১৯ সংক্ৰমণত আক্ৰান্ত হোৱা ৰোগী ধৰা পৰা নাই তথাপিও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত বিভিন্ন সজাগতা তথা প্ৰতিৰোধ মূলক ব্যবস্থা গ্ৰহণ কৰি আহিছে । লগতে প্ৰশাসনে আক্ৰান্ত ৰোগীজনৰ সংস্পৰ্শলৈ আৰু কোনোবা ব্যক্তি আহিছিল নেকি সেই বিষয়টো চোৱা--চিতা কৰি আছে ৷

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article