-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
🔯যোৰহাটত শিক্ষক দিৱস উদযাপন🔯

🔯যোৰহাটত শিক্ষক দিৱস উদযাপন🔯

📝যোৰহাটঃ ৫ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাটো আজি  ৫ ছেপ্তেম্বৰত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোত বালিগাঁও জগন্নাথ বৰুৱা আয্য বিদ্যালয়ত  কেন্দ্ৰীয়ভাৱে ৬১ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়৷অনুষ্ঠানত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ফটোত ফুলৰ মালাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বহু কেইকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নৃত্য গীত আদি পৰিৱেশন কৰি শিক্ষাগুৰু সকলকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷



#আজিৰ অনুষ্ঠানত জিলাখনৰ ১০ জন কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষা বিভাগৰ সহযোগত ভাৰতী ফাউণ্ডেশনে আয়োজন কৰা জিলাভিত্তিক অনলাইন কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ ৭ গৰাকী বিজয়ী শিক্ষক শিক্ষয়িত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয়৷ উল্লেখ্য যে,৮৫০ খন বিদ্যালয়ৰ পৰা প্ৰায় ১৬০০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷



#অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বলীন হাজৰিকা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিৰ হাতৰ পৰা জিলাখনৰ কৃতি শিক্ষকসকলে সম্বৰ্ধনা গ্ৰহণ কৰে৷🔯

0 Response to "🔯যোৰহাটত শিক্ষক দিৱস উদযাপন🔯"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article